নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনত অৰণ্যত নামিবিয়াৰ পৰা অনা ৫টা চিতা এৰি দিব মোদীয়ে

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ: যোৱাবাৰ হৈছিল ‘সেৱা আৰু সমর্পণ অভিযান’৷ এইবাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জন্মদিন পালন কৰিব মধ্যপ্রদেশৰ কুনো পালপুৰ ৰাষ্ট্রীয় উদ্যানত আফ্রিকাৰ পৰা অনা ৫টা চিতা বাঘ মুকলি কৰি৷ মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে  এই কথা ঘোষণা কৰিছে৷ নামিবিয়াৰ ৰাজধানী উইণ্ডহোকৰ পৰা পাঁচটাকৈ চিতা বাঘ ৰাজস্থানৰ জয়পুৰলৈ অনা হৈছে৷ জয়পুৰৰ পৰা পথেৰে এই চিতাকেইটা পালপুৰলৈ অনা হ’ব৷ ১৭ ছেপ্ঢেম্বৰত চিতা বাঘকেইটা মুক্ত প্রকৃতিত মুকলি কৰি দিয়াৰ এক কার্যসূচী গ্রহণ কৰা হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী এই কার্যসূচীত উপস্থিত থাকিব বুলি ঘোষণা কৰিছে কেন্দ্রীয় চৰকাৰে৷ ইতিমধ্যে মোদীৰ জন্মদিনত অৰণ্যত বাঘ মুকলিৰ কার্যসূচী সঠিকভাৱে ৰূপায়ণ কৰিবলৈ প্রস্তুতি চলাইছে মধ্যপ্রদেশ চৰকাৰে৷ কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রালয়ৰ সূত্রই প্রকাশ কৰা অনুসৰি আগন্তুক পাঁচ বছৰৰ ভিতৰত দক্ষিণ আফ্রিকা অথবা নামিবিয়াৰ পৰা বিভিন্ন পর্যায়ত ভাৰতলৈ ৫০টা চিতা বাঘ অনা হ’ব৷ এই বাঘবোৰৰ এক তৃতীয়াংশ কম বয়সীয়া বুলি মন্ত্রালয়ে ইতিমধ্যে সদৰী কৰিছে৷

You might also like