চতুর্থ টি-২০ ৰ পৰা বাহিৰ অধিনায়ক উইলিয়ামছন
নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ আজি নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ চতুর্থখন মেচ খেলিব টীম ইণ্ডিয়াই । ৱেলিংটনত অনুষ্ঠিত হ’বলগীয়া মেচখনত আত্মবিশ্বাসী ভাৰতে নৱাগত খেলুৱৈসকলক সুযোগ দিয়াৰ লক্ষ্য লৈছে৷
অৱশ্যে এই টি-২০ আৰম্ভ হোৱাৰ কেইটামান মুহূৰ্তৰ পূৰ্বে বাওঁফালৰ বাহুত আঘাতৰ বাবে খেলখনৰ পৰা বাহিৰ হ’বলগীয়া হয় নিউজিলেণ্ডজৰ অধিনায়ক কেন উইলিয়ামছন । ইপিনে কেন উইলিয়ামছনৰ অনুপস্থিতিত নিউজিলেণ্ড দলটোক নেতৃত্ব দিব টিম চাউডিয়ে ।
উল্লেখ্য যে অধিনায়ক কেন উইলিয়ামছনৰ বিস্ফোৰক বেটিং সত্ত্বেও তৃতীয় টি-২০ ত পৰাস্ত হৈছিল নিউজিলেণ্ড দলটো ৷