নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নি নিৰ্বাপণত ব্যৰ্থ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ

গুৱাহাটীত ধাৰাবাহিকভাৱে সংঘটিত হৈছে অগ্নিকাণ্ডঃ জীৱন সম্পত্তিৰ সুৰক্ষা দিয়াত ব্যৰ্থ অগ্নিনিৰ্বাক বিভাগ

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত সংঘটিত অগ্নিকাণ্ডৰ ক্ষয়–ক্ষতিৰ পৰা জনসাধাৰণক সকাহ দিয়াত ব্যর্থ হৈছে দুর্যোগ ব্যৱস্থাপনা বিভাগ৷ প্রায় বিশ লাখ লোকে বসবাস কৰা মহানগৰীত প্রায়েই বিধ্বংসী অগ্ণিকাণ্ডই জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি কৰি আহিছে৷ ইয়াৰ বিপৰীতে জনসাধাৰণক অগ্ণিকাণ্ডৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত আশানুৰূপ সেৱা আগবঢ়োৱাত বিভাগটো ব্যর্থ হোৱা বুলি অভিযোগ উঠিছে৷ বেলতলাৰ বশিষ্ঠপুৰত সংঘটিত ভয়াৱহ অগ্ণিকাণ্ডত জীৱন্তে দুটি কণমানি অগ্ণিদগ্ধ হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই মহানগৰীৰ কাহিলিপাৰা, পাণ্ডু, লালগণেশকে ধৰি মহানগৰীৰ কেইবাটাও স্থানত ধাৰাবাহিকভাৱে সংঘটিত হৈছে অগ্ণিকাণ্ড৷ বেলতলাৰ বশিষ্ঠপুৰৰ অগ্ণিকাণ্ডৰ পিছতে মুখ্যমন্ত্রীৰ নির্দেশত বাইলেনটো বেদখলমুক্ত কৰি যাতায়াতৰ বাবে সুচল কৰি তুলিছে৷ কিন্তু মহানগৰীৰ বিভিন্ন স্থানৰ পথ, উপ–পথ এতিয়াও বেদখলমুক্ত কৰিবলৈ জিলা প্রশাসনে কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ফলস্বৰূপে মহানগৰীৰ বিভিন্ন স্থানত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত অগ্ণিনির্বাপক বাহিনীয়ে ঠেক পথ, উপ–পথৰ বাবে প্রয়োজনীয় সময়ত সেৱা প্রদান কৰাত ব্যর্থ হ’বলগীয়া হৈছে৷ অগ্ণিকাণ্ডৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ক্ষয়–ক্ষতিৰ পৰিমাণ হ্রাস কৰাৰ বাবে অগ্ণিনির্বাপক বাহিনীয়ে বিগত বর্ষত মহানগৰীৰ ৰাস্তা–ঘাট, ঘৰ, বিল্ডিংসমূহৰ ওপৰত এটা জৰীপ চলাইছিল৷ কিন্তু এতিয়ালৈকে সেই জৰীপ সম্পূর্ণ হোৱা নাই বুলি অগ্নিনির্বাপক বাহিনীৰ এক সূত্রই প্রকাশ কৰিছে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, অগ্ণিনির্বাপক বাহিনীয়ে পাঁচটা জ’নত ভাগ কৰি এই জৰীপ চলাইছিল৷ জৰীপত মহানগৰীত অগ্নিনির্বাপক বাহিনীৰ গাড়ী সোমাব নোৱাৰা একাধিক পথ, উপ–পথ চিনাক্ত কৰা হৈছে৷ ইয়াৰ উপৰি এই জৰীপত জৰুৰীকালীন সময়ত অগ্ণিনির্বাপক বাহিনীয়ে সন্মুখীন হোৱা বহু সমস্যা পোহৰলৈ আহিছে৷ বিশেষকৈ মহানগৰীৰ পথসমূহত ওলমি থকা কেব্ল, বিদ্যুতৰ তাঁৰ, ইণ্টাৰনেট সেৱা আদিৰ তাঁৰসমূহ ভূমিৰ পৰা কম উচ্চতাত থকাৰ বাবে বহু সময়ত অগ্ণিনির্বাপক বাহিনী অসুবিধাৰ সন্মুখীন হয়৷ এই সমস্যাসমূহ সমাধান কৰিব পাৰিলেহে অগ্ণিকাণ্ডত ক্ষয়–ক্ষতিৰ পৰিমাণ হ্রাস কৰিব পৰা যাব বুলি সূত্রটোৱে মত প্রকাশ কৰে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত অগ্ণিনির্বাপক বাহিনীৰ সাতটা ষ্টেচন আছে৷ দিছপুৰ, চানমাৰি, লখৰা, পাণ্ডু, পাণবজাৰ, সোণাপুৰ আৰু চন্দ্রপুৰত থকা ষ্টেচনকেইটাত সর্বমুঠ ২৪খন অগ্নিনির্বাপক বাহিনীৰ গাড়ী আছে৷ ২০ লক্ষাধিক লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত জৰুৰীকালীন সময়ত অগ্ণিনির্বাপক বাহিনীয়ে মাত্র ২৪খন গাড়ীৰে সেৱা আগবঢ়াই অহা বিষয়টোৱে দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷ মহানগৰীত সঘনাই সংঘটিত হোৱা অগ্ণিকাণ্ডৰ পৰা জীৱন–সম্পত্তিৰ সুৰক্ষা প্রদানৰ বাবে জৰীপ চলোৱাৰ পিছতো আজিলৈকে জৰীপ সম্পূর্ণ কৰি আসোঁৱাহসমূহ দূৰ কৰাৰ ক্ষেত্রত বিভাগীয় কর্তৃপক্ষৰ হেমাহিৰ বাবেই বেলতলাৰ শোকাৱহ অগ্ণিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰিছে৷

You might also like