নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ পূব কামৰূপ সংমণ্ডলৰ অন্তর্গত চন্দ্রপুৰ খণ্ড বন বিষয়া কার্যালয়ৰ এলেকাত অবৈধ ৰঙা বালিৰ মহল স্থাপন কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷ চন্দ্রপুৰৰ পৰিৱেশ সংবেদনশীল অঞ্চলত অবৈধ বালিৰ মহল স্থাপন কৰি প্রাকৃতিক ভাৰসাম্য নষ্ট কৰি বালিৰ মহল চলাই থকাক লৈ তীব্র ক্ষোভ প্রকাশ কৰিছে প্রকৃতিপ্রেমীসকলে৷ চন্দ্রপুৰ বাগিচা আৰু কুৰকুৰীয়াত এই অবৈধ ৰঙা বালিৰ মহল স্থাপন কৰি কলং আৰু ডিগাৰু নৈৰ বক্ষৰ পৰা ৰঙা বালি খনন কৰি ব্যৱসায় চলাই অহাৰ পিছতো বন বিভাগে ৰহস্যজনক কাৰণত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ ৰাইজৰ অভিযোগ অনুসৰি, চন্দ্রপুৰৰ কলং আৰু ডিগাৰু নৈৰ বক্ষৰ পৰা প্রতিদিনে ৰঙা বালি খনন কৰি ২০খনৰ অধিক নাৱেৰে বালি সৰবৰাহ কৰি আহিছে৷ বন বিভাগৰ বিষয়া আৰু স্থানীয় আৰক্ষীক মেনেজ কৰি মাফিয়া কায়দাৰে নৈৰ বালি খনন কৰি ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ ফলত লাখ লাখ টকাৰ কৰ হেৰুৱাবলগীয়া হৈছে ৰাজ্য চৰকাৰে৷ দৈনিক এই অবৈধ বালিৰ মহলটোত ৬০–৭০জন শ্রমিকে ৰঙা বালি খনন কৰি কুৰকুৰীয়া আৰু চন্দ্রপুৰ বাগিচাত নদীৰ পাৰত বালি মজুত কৰি ৰাখিছে৷ বন বিভাগ আৰু আৰক্ষীৰ ছত্রছায়াত চলি থকা বালি মহলটোৰ পৰা দিনে–নিশাই কৰফাঁকিৰে টেম্পো, ডাম্পাৰেৰে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন স্থানত ৰঙা বালি যোগান ধৰিছে অসাধু ব্যৱসায়ী চক্রটোৱে৷ চালান, পার্মিট আৰু বৈধ নথি–পত্র অবিহনে সৰু–বৰ গাড়ীৰে আৰক্ষী আৰু বন বিভাগৰ চকুৰ সন্মুখেৰে ৰঙা বালিৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ পিছতো বিভাগীয় কর্তৃপক্ষই এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ পৰিৱেশ সংবেদনশীল এলেকাত চলি থকা ৰঙা বালিৰ ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্রত জিলা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷