নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেট জ্বৰত আক্রান্ত গুৱাহাটী : কোহলি–ৰোহিতহঁতক প্রত্যক্ষ কৰিবলৈ হেতা-ওপৰা

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ প্রায় আঢ়ৈ বছৰ পাছত গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তর্জাতিক মেচ৷ শাৰদীয় দুর্গাপূজাৰ মাজতে সপ্তমীৰ দিনা বর্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয়খন টি–২০ মেচ৷ উল্লেখ্য যে ২০২০চনৰ জানুৱাৰীত ইয়াত আয়োজন কৰা ভাৰত আৰু শ্রীলংকাৰ মাজৰ মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল৷ তদুপৰি ক’ভিডৰ বাবে গুৱাহাটী তথা উত্তৰ–পূর্বাঞ্চলৰ ক্রিকেট অনুৰাগীয়ে এখন আন্তর্জাতিক ক্রিকেট মেচৰ বাবে দীর্ঘদিন অপেক্ষা কৰিবলগীয়া হয়৷ সেইবাবে শাৰদীয় দুর্গোৎসৱৰ উলহ মালহেও স্পর্শ কৰিব পৰা নাই ক্রিকেট অনুৰাগীক৷ বিগত কিছুদিন ধৰি ক্রিকেট জ্বৰত আক্রান্ত হৈছে গুৱাহাটীৰ লগতে ৰাজ্যৰ ক্রিকেট অনুৰাগী৷ প্রাক্তন অধিনায়ক বিৰাট কোহলি, বর্তমানৰ অধিনায়ক ৰোহিত শর্মাকে ধৰি প্রিয় তাৰকাসকলক ওচৰৰ পৰা প্রত্যক্ষ কৰাৰ হাবিয়াস পূৰণ কৰিবলৈ অপেক্ষা কৰিছিল বহু অনুৰাগীয়ে৷ কিন্তু তেওঁলোকৰ মেচ উপভোগ কৰিবলৈ এটা টিকটৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল ক্রিকেটপ্রেমীয়ে৷ উল্লেখ্য যে প্রায় ৩৭ হাজাৰ আসনবিশিষ্ট এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া অহা দুই অক্টোবৰৰ মেচখনৰ বাবে আয়োজক অসম ক্রিকেট সন্থাই প্রথম পর্যায়ত ১৫ হাজাৰ টিকট অনলাইনযোগে মুকলি কৰি দিছিল যদিও প্রায় এঘণ্টাৰ ভিতৰতে সকলো টিকট বিক্রী হোৱাত হতাশ হ’বলগীয়া হয় অধিকাংশ দর্শক৷ আনহাতে দ্বিতীয় পর্যায়ত মুকলি কৰি দিয়া পাঁচ হাজাৰ টিকটো অতি কম সময়ৰ ভিতৰতে বিক্রী হোৱাত প্রিয় তাৰকাসকলৰ মেচ গেলাৰীত বহি উপভোগ কৰাৰ আশা নির্বাপিত হয় তেওঁলোকৰ৷ মেচখনত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল দুটা কালি বিয়লি গুৱাহাটীত উপস্থিত হৈছে৷ দল দুটাৰ লগতে মেচ অ’ফিচিয়েলসকলক গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত ৰখা হৈছে৷ কালি বিমান বন্দৰৰ পৰা হোটেললৈ অহাৰ পথত বহু অনুৰাগীয়ে হোটেলৰ আশে পাশে ভিৰ কৰা পৰিলক্ষিত হয়৷ আজিও দুয়োটা দলে অনুশীলনৰ বাবে ষ্টেডিয়ামলৈ অহাৰ সময়ত ৰেডিচন ব্লু হোটেলৰ আশে পাশে বহু লোকে ভিৰ কৰে৷ আনকি বর্ষাপাৰাৰ ষ্টেডিয়ামৰ চৌপাশেও বহু অনুৰাগী সমবেত হয়৷ কিন্তু খেলুৱৈসকলক প্রত্যক্ষ কৰাৰ সুবিধা নাপাই তেওঁলোক হতাশ মনেৰে উভতি যায়৷ একাংশ অনুৰাগীয়ে ক্ষোভেৰে কয় যে অনলাইনযোগে বহু চেষ্টা কৰিও টিকট যোগাৰ কৰিব পৰা নগ’ল যদিও একাংশ লোকে ক’লা বজাৰত অধিক মূল্যত টিকট বিক্রী কৰিছে৷ বহু অনুৰাগীয়ে ক’লা বজাৰৰ টিকট বিক্রী কৰাৰ অভিযোগ উত্থাপন কৰিছে যদিও অসম ক্রিকেট সন্থাৰ একাংশ কর্মকর্তাই এই অভিযোগ অস্বীকাৰ কৰিছে৷ উল্লেখ্য যে প্রায় দুবছৰ ধৰি ক’ভিডৰ বাবে কোনো আন্তর্জাতিক প্রতিযোগিতা অনুষ্ঠিত নোহোৱা বাবে এই মেচখনে অনুৰাগীৰ মাজত বিশেষ উন্মাদনাৰ সৃষ্টি কৰিছে৷ বিগত কিছুদিন ধৰি অনুৰাগীৰ লগতে ৰাজ্যৰ আৰক্ষী প্রশাসনকে ধৰি বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলে দিনে–নিশাই মেচখন সফলভাৱে আয়োজন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷

You might also like