চিৰাঙৰ বিজয়গাঁৱত ফুটবল প্ৰতিযোগিতা : উদ্বোধনী খেলত জয়ী কূৰ্শাকাটি জনকল্যাণ এফ চি
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : বিজয়গাঁও আঞ্চলিক ৰত্নপীঠ সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত আজিৰে পৰা নক আউট ফুটবল প্ৰতিযোগিতা আৰম্ভ হয় । চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিকটৱৰ্তী বিজয়গাঁও ৰাজহুৱা খেলপথাৰত আজিৰ উদ্ধোধনী খেলত কূৰ্শাকাটি জনকল্যান এফ চিয়ে তিলকগাঁও জুনিয়ৰ এফ চিক ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। ৰেফাৰী হিচাপে খেল পৰিচালনা কৰা চহেন ওৰফে ৰাণা ব্ৰহ্মক সহকাৰী হিচাপে সহযোগ আগবঢ়ায় অনশুমা মুছাহাৰী, থমাছ বসুমতাৰী আৰু চতুৰ্থ ৰেফাৰী কামিনী দৈমাৰীয়ে। উল্লেখযোগ্য যে আজিৰ উদ্ধোধনী খেলখন কিক মাৰি শুভাৰম্ভ কৰে কমতাপুৰ অটোনমাছ কাউণ্সিলৰ কাৰ্যবাহী সদস্য পূৰৱী সৰকাৰে। তেওঁ খেলুৱৈ সুলভ মনোভাৱেৰে খেল প্ৰদৰ্শন কৰি এজন ভাল খেলুৱৈ হবলৈ আহ্বান জনায়। আজিৰ উদ্ধোধনী খেলৰ শ্ৰেষ্ঠ খেলৈৰ মেডেল লাভ কৰে কূৰ্শাকাটি জনকল্যান এফ চি দলৰ হিৰম্ব ৰায়ে। ইফালে পুৱা বিজয়গাঁও আঞ্চলিক ৰত্নপীঠ সংঘ আৰু পুথিভঁৰালৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি আনন্দ সৰকাৰে। ২০২২ বৰ্ষ খেলৰ পতাকা উত্তোলন কৰে চিৰাং জিলা আক্ৰাছুৰ সভাপতি ৰাজু ৰায়ে । বন্তি প্ৰজ্বলন কৰে সংঘৰ উপদেষ্টা উত্তম চক্ৰৱৰ্তীয়ে। বৃক্ষৰোপণ কৰে বিশিষ্ট সমাজ কৰ্মী-চিকিৎসক ডাঃ গণ্ডেশ্বৰ হাজং আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ পূৰ্ণিমা চৌধুৰীয়ে। প্ৰতিযোগিতা সমূহ সকলোৰে সহায়-সহযোগত সাফল্য মণ্ডিত হোৱাৰ আশা প্ৰকাশ কৰে সংঘৰ সম্পাদক ৰূপম ৰায়ে। কাইলৈ বাসুগাঁও ৰাইজিং বনাম বৰপথাৰ এফ চিৰ মাজত দ্বিতীয় দিনাৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হব ।
প্ৰেৰক ভৃগু মুনি ৰায়