নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ: ভাৰত-পাক সীমান্তৰ ৰামদাসৰ অঞ্চলত বৃহস্পতিবাৰে নিশা পাকিস্তানৰ পৰা ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা এখন ড্ৰোন বি এছ এফৰ জোৱানে গুলীয়াই ভূপতিত কৰে। তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা ৰামদাস সীমান্তত নিয়মীয়া টহল দিয়াৰ সময়তে বি এছ এফৰ জোৱানৰ এটা দলে পাকিস্তানৰ দেওৰী ফৰৱাৰ্ড পোষ্টৰ পৰা ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰা ড্ৰোনৰ শব্দ শুনিবলৈ পায়। সেই অঞ্চলত সেনাই প্ৰথমে লঘু বোমা নিক্ষেপ কৰে আৰু তাৰ পিছত টহলদাৰী জোৱানসকলে ১৭টা ৰাউণ্ড গুলী চলায়।
ঘটনাস্থলীত বিএছএফৰ শীৰ্ষ বিষয়াসকলক উপস্থিত হৈ সমগ্ৰ ঘটনা বুজ লয়। টহলদাৰী জোৱানসকলে ড্ৰোনখন আৰু অন্যান্য সামগ্ৰী জব্দ কৰে।