নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেদাৰনাথত মর্মান্তিক দুর্ঘটনা, হেলিকপ্টাৰ দুৰ্ঘটনাত পাইলটসহ ৭ জন নিহত

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰ: কেদাৰনাথলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাৰ খবৰ পাই উদ্ধাৰকাৰী দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। খবৰ অনুসৰি কেদাৰনাথ ধামৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত পাইলটসহ ৭ জন লোক নিহত হয়। এই ঘটনাৰ পিছত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে মঙলবাৰে পুৱা হেলিকপ্টাৰেৰে কেদাৰনাথলৈ ৰাওনা হৈছিল মুঠ ৮ জন লোক। ৰুদ্ৰপ্ৰয়াগৰ সমীপৰ গৰুদা চট্টীৰ সমীপত যাত্ৰীবাহী হেলিকপ্টাৰখন এক দুৰ্ঘটনাত পতিত হয়। ইয়াৰ পৰা কেদাৰনাথ মাত্ৰ ২ কিলোমিটাৰ দূৰত। উদ্ধাৰকাৰী দলৰ সূত্ৰ অনুসৰি উদ্ধাৰ কৰা হৈছে ইতিমধ্যে ৭ জন লোকৰ মৃতদেহ। ইয়াৰ ভিতৰত ২ জন পাইলট। প্ৰাৰম্ভিক তদন্তত হঠাৎ বতৰ সলনিৰ বাবেই দুৰ্ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

You might also like