নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যু লাগে ধর্ষিতাক! ৰাষ্ট্রপতি মুর্মুলৈ পত্র প্রেৰণ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: বিচ্ছেদৰ পাছত এজন ব্যক্তিৰ সৈতে বিবাহত আবদ্ধ হৈছে মহিলাগৰাকী৷ ইয়াৰ কিছুদিন পাছতে দ্বিতীয় স্বামীৰ পুত্রই ধর্ষণ কৰে মহিলাগৰাকীক৷ ধর্ষণৰ অভিযোগ আনিছে দ্বিতীয় স্বামী তথা তেওঁৰ বন্ধুসকলৰ বিৰুদ্ধেও৷ আৰক্ষীক অভিযোগ দিয়াৰ পাছতো অভিযুক্তসকলক গ্রেপ্তাৰ কৰা নাই৷ গতিকে ন্যায় বিচাৰৰ আশা হেৰুৱাই ইচ্ছামৃত্যুৰ আবেদন জনাই দেশৰ ৰাষ্ট্রপতি দ্রৌপদী মুর্মুলৈ পত্র লিখিছে উত্তৰপ্রদেশৰ লক্ষ্ণৌৰ এই ৩০ বছৰীয়া মহিলাগৰাকীয়ে৷ মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি প্রথম স্বামীৰ সৈতে বিচ্ছেদৰ পাছত যোৱা এপ্রিল মাহত চণ্ডীগড়ৰ ৫৫ বছৰীয়া কৃষক এজনৰ সৈতে বিবাহপাশত আবদ্ধ হয় মহিলাগৰাকী৷ কিন্তু ইয়াৰ পাছতে সতীয়া পুত্রৰ হাতত ধর্ষিতা হ’বলগীয়া হয় মহিলাগৰাকী৷ এই কাহিনীয়ে এতিয়া উত্তৰপ্রদেশত সৃষ্টি কৰিছে চাঞ্চল্য৷

You might also like