নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰিকেটত লিংগসমতাৰ নতুন যুগ : ভাৰতীয় পুৰুষ-মহিলা ক্ৰিকেটাৰৰ একে মেচ মাচুল

বিশেষ বাৰ্তা, ২৭ অক্টোবৰঃ বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এটা ডাঙৰ ঘোষণা কৰি কয় যে পুৰুষ আৰু মহিলা ক্ৰিকেটাৰ উভয়ৰে (চুক্তিবদ্ধ) মেচ মাচুল একে হ’ব। মেচ মাচুলৰ ক্ষেত্ৰত মহিলা ক্ৰিকেটাৰসকলক পুৰুষৰ সমতুল্য কৰি তোলাৰ সিদ্ধান্ত বহু দিশত এক লেণ্ডমাৰ্ক সিদ্ধান্ত। বিচিচিআইৰ সম্পাদক জয় শ্বাহে নিশ্চিত কৰিছে যে ঠিকাভিত্তিক জ্যেষ্ঠ মহিলা ক্ৰিকেটাৰসকলে পুৰুষ সমকক্ষৰ দৰেই মেচ মাচুল আদায় কৰিব। এই কথা ঘোষণা কৰি বৰ্ডৰ সম্পাদক জয় শ্বাহে কয় যে বৈষম্য মোকাবিলা কৰাৰ দিশত বিচিচিআইৰ প্ৰথম পদক্ষেপ বুলি ঘোষণা কৰি মই আনন্দিত হৈছো। আমি আমাৰ চুক্তিবদ্ধ বিচিচিআইৰ মহিলা ক্ৰিকেটাৰসকলৰ বাবে পে ইকুইটি নীতি কাৰ্যকৰী কৰিছো। ক্ৰিকেটত লিংগ সমতাৰ এক নতুন যুগত আমি আগবাঢ়ি যোৱাৰ লগে লগে পুৰুষ আৰু মহিলা ক্ৰিকেটাৰ উভয়ৰে বাবে মেচ মাচুল একেই হ’ব। বিচিচিআইৰ মহিলা ক্ৰিকেটাৰসকলক তেওঁলোকৰ পুৰুষ সমকক্ষৰ দৰে একেটা মেচ মাচুল প্ৰদান কৰা হ’ব। সেই অনুসৰি টেষ্টত ১৫ লাখ টকা, এদিনীয়াত ৬ লাখ টকা আৰু টি-২০ত ৩ লাখ টকা লাভ কৰিব মহিলা ক্ৰিকেটাৰসকলে। পে ইকুইটি আছিল আমাৰ মহিলা ক্ৰিকেটাৰসকলৰ প্ৰতি মোৰ প্ৰতিশ্ৰুতি আৰু এপেক্স কাউন্সিলক তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জনাইছো। শেহতীয়াকৈ বিচিচিআইৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰা ৰজাৰ বিন্নীয়ে এক বিবৃতিত কয় যে আজি আমাৰ এপেক্স কাউন্সিলৰ বৈঠকত আমি আমাৰ মহিলা ক্ৰিকেটাৰসকলৰ পে ইকুইটিৰ ওপৰত এক ডাঙৰ সিদ্ধান্ত লৈছোঁ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুৰুষৰ দৰেই আমাৰ মহিলা খেলুৱৈসকলকো একেধৰণৰ মেচ মাচুল দিয়া হ’ব। এই সিদ্ধান্তই ক্ৰিকেটৰ বৃদ্ধি আৰু বিকাশৰ মঞ্চ স্থাপন কৰে। মই বিশ্বাস কৰোঁ যে মহিলা ক্ৰিকেট আৰু সামগ্ৰিকভাৱে খেলখনৰ বাবে এয়া এক উল্লেখযোগ্য পদক্ষেপ। ২০২৩ চনত মহিলা আই পি এলৰ প্ৰথম ছিজন অনুষ্ঠিত হ’ব বুলি বি চি চি আইৰ এজিএমত সিদ্ধান্ত লোৱাৰ মাত্ৰ কেইদিনমান পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২০১৭ চনৰ আইচিচি মহিলা বিশ্বকাপত দলটোৱে ৰানাৰ্ছ আপ হোৱাৰ পিছৰে পৰা ভাৰতীয় মহিলা ক্ৰিকেটৰ উত্থান ঘটিছে। ইয়াৰ পিছতে দলটোৱে ২০২০ চনত টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে ২০২২ চনৰ কমনৱেলথ গেমছতো ৰূপৰ পদক লাভ কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডেও একেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি ঘোষণা কৰিছিল যে মহিলা জাতীয় দল আৰু ঘৰুৱা মহিলা খেলুৱৈসকলে পুৰুষৰ দৰেই মেচ মাচুল লাভ কৰিব।

You might also like