নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ফুটবল অনুৰাগীৰ বাবে সুখবৰঃ ক’ভিড পৰীক্ষা নকৰাকৈ যাব পাৰিব কাটাৰলৈ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ: বিশ্বকাপ ফুটবল উপভোগ কৰিবলৈ যোৱাৰ বাবে ক’ভিড পৰীক্ষাৰ ৰিপ’ট বাধ্যতামূলক নহয়৷ কাটাৰলৈ বিমানত উঠাৰ পূর্বে ক’ভিড পৰীক্ষা নকৰিলেও হ’ব৷ বিশ্বৰ ফুটবলপ্রেমীসকলল্ এই সুখবৰ আগবঢ়াইছে কাটাৰৰ স্বাস্থ্য বিভাগে৷ ষ্টেডিয়ামত প্রৱেশ কৰাৰ পূর্বে চৰকাৰৰ ক’ভিড এপত দর্শকসকলৰ শাৰীৰিক অৱস্থাৰ বিষয়েও জনাব নালাগে৷ ইয়াৰ পূর্বে কাটাৰ চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছিল যে বিশ্বকাপ ফুটবল চাবলৈ হ’লে ক’ভিড ৰিপ’ট লগত থকা বাধ্যতামূলক৷ প্রত্যেকৰ ওচৰত নিগেটিভ ৰিপ’ট থকাৰ লগতে টিকা গ্রহণৰ প্রমাণ–পত্রও থাকিব লাগিব বুলিও জনাইছিল কাটাৰ কর্তৃপক্ষই৷ পূর্বৰ সেই কঠোৰ অৱস্থানৰ পৰা নামি আহিল আয়োজকসকল৷ ফলত নিশ্চিন্তে বিশ্বকাপ ফুটবল উপভোগ কৰিবলৈ যাব পাৰিব ফুটবলপ্রেমী৷

উল্লেখ্য যে ২০ নৱেম্বৰৰ পৰা কাটাৰত আৰম্ভ হ’ব ফুটবল বিশ্বকাপ৷ ক্রিষ্টিয়ানো ৰ’নাল্ডো, লি’নেল মেছিৰ খেল চাবলৈ প্রায় ১২ লাখ অনুৰাগী কাটাৰলৈ আহিব৷ বিদেশত থকা কাটাৰৰ নাগৰিকসকলৰ বাবেও দেশলৈ ওভতাৰ পূর্বে ক’ভিড পৰীক্ষা বাধ্যতামূলক নহয়৷ কাটাৰৰ স্বাস্থ্য মন্ত্রালয়ৰ তৰফৰ পৰা জনোৱা হৈছে ‘ক’ভিড সংক্রমণ বহু পৰিমাণে হ্রাস পাইছে৷ প্রতিদিনে নতুনকৈ আক্রান্ত হোৱা মানুহৰ সংখ্যা কমি আহিছে৷ বিশ্বৰ কোনো দেশতে ক’ভিড এতিয়া আতংকৰ বিষয় হৈ থকা নাই৷ সেইবাবে নিয়ম শিথিল কৰা হৈছে৷’

উল্লেখ্য যে এতিয়াৰ পৰা কাটাৰৰ সর্বত্র মাস্ক পিন্ধা বাধ্যতামূলক নহয়৷ কাটাৰৰ স্বাস্থ্য মন্ত্রালয়ৰ সূত্র অনুসৰি প্রায় ৪ লাখ ৪০ হাজাৰ মানুহ এই পর্যন্ত ক’ভিডত আক্রান্ত হৈছে দেশখনত৷ এই ৰোগত ৬৯২জনৰ মৃত্যু হৈছে৷

You might also like