নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছ কি

পোনপ্রথম ১৯৩৭ চনত এই ভাইৰাছ চিনাক্ত হৈছিল এটি ব্রংকাইটিছত আক্রান্ত পোহনীয়া চৰাইৰ দেহত, যাৰ দ্বাৰা মুর্গী ফার্মখনৰ বৃহৎ ক্ষতি হৈছিল৷ তাৰ পিছত বিগত ৮টা দশকত বিজ্ঞানীসকল অৱগত হ’ল যে ক’ৰোনা ভাইৰাছে আক্রান্ত কৰিব পৰা আন আন প্রাণীসমূহ হ’ল এন্দুৰ, নিগনি, কুকুৰ, মেকুৰী, গৰু, গাহৰি, উট, ঘোঁৰা, গাধ, টার্কী, বাদুলী, সৰীসৃপ আদি৷ ক’ৰোনা নামৰ উৎপত্তি হয় লেটিন শব্দCrown ৰ পৰা৷ ভাইৰাছৰ আকৃতি মুকুটৰ দৰে হোৱাৰ বাবেই এই নামকৰণ৷
২০০২ চনৰ নৱেম্বৰ মাহত দক্ষিণ চীনৰ গুৱাংডং Guangdong) প্রদেশত ক’ৰোনা ভাইৰাছে মহামাৰীৰ সৃষ্টি কৰে৷ তাৰ পৰা হংকং আৰু বিশ্বৰ ৩৭খন দেশলৈ এই জীৱন সংকটকাৰী নিউমোনিয়া SARS-CoV) বিয়পি পৰে৷ এইবিধ ক’ৰোনা ভাইৰাছে শ্বাসতন্ত্রৰ উপৰি পাক প্রণালী, লিভাৰ, কিডনী, হূদযন্ত্র আদি অংগৰ ক্ষতিসাধন কৰিছিল৷ জুলাই ২০০৩ চনলৈকে বিশ্বজুৰি চলা এই মহামাৰীত ৮,০৯৮জন ৰোগাক্রান্তৰ বিপৰীতে ৭৭৪জনৰ প্রাণহানি হৈছিল৷
আকৌ ২০১৫ চনত মধ্যপ্রাচ্য ভ্রমণ কৰি অহা এজন যাত্রীয়ে কঢ়িয়াই অনা ক’ৰোনা ভাইৰাছৰ
সংক্রমণৰ ফলত দক্ষিণ কোৰিয়াত ১৮৬জন লোক ৰোগাক্রান্ত হয় আৰু তাৰে ৩৬জন মৃত্যুমুখত পৰে৷

ৰোগৰ লক্ষণসমূহ 

সাধাৰণ পানীলগা, জ্বৰ–চর্দিৰ দৰে নাইবা কাহ, গাৰ বিষ, বুকুৰ বিষ, ভাগৰ লগা, হাপানীৰ দৰে উশাহত কষ্ট হোৱা৷ কেতিয়াবা ডায়েৰীয়াও হ’ব পাৰে৷ আন অসুখত ভুগি থকা লোকসকল আৰু ৰোগ প্রতিৰোধ ক্ষমতা কম থকাসকলৰ ভাইৰাছত আক্রান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে৷

You might also like