নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: কুকুৰৰ প্রভুভক্তিৰ কথা সর্বজনবিদিত৷ পোহনীয়া কুকুৰক লগত লৈ প্রাতঃভ্রমণলৈ ওলাইছিল অমিত ৰায়৷ তেতিয়াই ঘটিল বিপদ৷ অমিত ৰায়ৰ ফালে আগবাঢ়ি আহিছিল এডাল বিষধৰ সাপ৷ সাপক মালিকৰ দিশলৈ আগুৱাই অহা দেখি জঁপিয়াই পৰিল অমিতৰ পোহনীয়া কুকুৰটো৷ সাপডালক কামুৰি নেফানেফো কৰিলে পোহনীয়া কুকুৰটোৱে৷ সাপৰ সম্ভাব্য আক্রমণৰ পৰা মালিকৰ জীৱন ৰক্ষা কৰাই নহয়, সাপক বধো কৰে কুকুৰটোৱে৷ কিন্তু ইয়াৰ কেইমিনিটমান পাছত মাটিত লুটি খাই পৰে কুকুৰটো৷ ইয়াতেই মৃত্যু হয় কুকুৰটোৰো৷ কালি উত্তৰ প্রদেশৰ ঝাঞ্চিত ঘটিছে এই ঘটনা৷ অমিত উত্তৰ প্রদেশৰ বাসিন্দা হ’লেও তেওঁৰ মূল ঘৰ ঝাঞ্চি সীমান্তৰ সংলগ্ণ মধ্যপ্রদেশৰ প্রতাপপুৰত৷ কুকুৰটোৱে সাপডালক বধ কৰিবলৈ সক্ষম হয় যদিও সাপৰ বিহ ইতিমধ্যে কুকুৰটোৰ শৰীৰত বিয়পি পৰিছিল বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷