বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ অসম আৰু অসমীয়া জাতীয় জীৱনৰ অন্যতম পুৰোধা ব্যক্তি বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ ৯১সংখ্যক জন্মতিথি উপলক্ষে হোমেন বৰগোহাঞি স্মৃতি সুৰক্ষা সমিতিৰ উদ্যোগত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত ‘বিংশ শতিকাৰ অসমীয়া আত্মজীৱনীমূলক সাহিত্য’ শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়৷ উদ্যোক্তা সংগঠনটোৰ সভাপতি সাহিত্যিক ড০ নিৰ্মল চাহেৱালাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়াই হোমেন বৰগোহাঞিৰ জীৱন আৰু কৰ্ম সম্পৰ্ককে উল্লেখ কৰাৰ লগতে সান্নিধ্য সম্পৰ্কে বক্তব্য প্ৰদান কৰে৷ ড০ শইকীয়াই হোমেন বৰগোহাঞিক বাদ দি সাম্প্ৰতিক সময়ৰ অসমীয়া সাহিত্য আৰু সমাজ জীৱনৰ বুৰঞ্জী লিখিব নোৱাৰি৷ অসমীয়া ভাষা সাহিত্যলৈ বৰগোহাঞিয়ে আগবঢ়াই থৈ যোৱা অৱদানৰ কথা উল্লেখ কৰি তেখেতে আৰু কয় যে কথা শিল্পীগৰাকীয়ে অসমীয়া ভাষা সাহিত্যত নতুন ৰীতি, বিষয়বস্তু অতি সাহসেৰে উপস্থাপন কৰি অসমীয়া ভাষা সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে আৰু এনে সাহস আনে কৰিব নোৱাৰে বুলিও তেওঁ কয়৷ বৰগোহাঞিক নতুনকৈ আৱিষ্কাৰ কৰাৰ লগতে সাংবাদিক হিচাপে তেখেতে যি অৱদান আগবঢ়াই থৈ গ’ল সেয়াও চিৰস্মৰণীয় হৈ থাকিব বুলি কোৱাৰ লগতে ড০ শইকীয়াই সৰ্বসাধাৰণ লোকে তেওঁক খঙাল বুলি জানিছিল যদিও প্ৰকৃততে তেওঁ কোমল অন্তৰৰ মানুহ আছিল৷ মানুহৰ প্ৰতি তেওঁৰ গভীৰ স্নেহ আছিল৷ অসম সাহিত্য সভাৰ সভাপতি হৈ থাকোতে তেওঁ বিশ্বকোষ প্ৰণয়ন কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ যোৱাৰ উপৰিও কৰোণাধাৰা গঠন কৰি তেওঁ এক অনন্য উল্লেখযোগ্য কৰ্ম সম্পাদন কৰাৰ উপৰিও ডিব্ৰুগড় সাহিত্য সভাই এটা ভৱন লাভ কৰিবলৈ সক্ষম হৈছিল৷ ড০ শইকীয়াই বৰগোহাঞিৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ ডিব্ৰুগড়ত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ উদ্যোক্তসকলক পৰামৰ্শ প্ৰদান কৰে৷ প্ৰজ্ঞাৰ দিনৰ সৈতে সংগতি ৰাখি বিশং শতিকাৰ অসমীয়া আত্মজীৱনীমূলক সাহিত্য শীৰ্ষক গুৰুত্বপূৰ্ণ বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড০ জয়ন্ত কুমাৰ বৰাই৷ ড. মৃদুল শৰ্মা আৰু উপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে আঁত ধৰা অনুষ্ঠানত হোমেন বৰগোহাঞিৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰে৷ হোমেন বৰগোহাঞি স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক ড০ প্ৰণয় ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা প্ৰজ্ঞাৰ দিনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কন্দৰ্প ডেকা, কানৈ কলেজৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই হোমেন বৰগোহাঞিৰ জীৱন, কৃতি আৰু সান্নিধ্য সম্পৰ্কে অনুভৱ ব্যক্ত কৰে৷
প্ৰেৰক বিভাস দুৱৰা