বিচ্ছেদে প্রভাৱিত নকৰক সন্তানৰ মানসিক স্বাস্থ্য
সাম্প্রতিক সময়ত বিবাহ বিচ্ছেদৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ বিভিন্ন কাৰণত এহাল স্বামী–স্ত্রীয়ে বিচ্ছেদ বিচাৰিব পাৰে৷ কিন্তু তেওঁলোকৰ এনে সিদ্ধান্তই তেওঁলোকৰ সন্তানৰ জীৱন দুর্বিষহ কৰি তুলিব পাৰে৷ শেহতীয়া এক গৱেষণাত প্রকাশ পাইছে যে কিছুমান কিশোৰ–কিশোৰী পঢ়া–শুনাত যথেষ্ট তীক্ষ্ণ হ’লেও বা অন্যান্য দিশত প্রতিভাৰ অধিকাৰী হ’লেও তেওঁলোকে আনৰ পৰা আঁতৰত অৱস্থান কৰে৷ ইয়াৰ কাৰণ হিচাপে গৱেষণাত প্রকাশ পাইছে কিছুমান সাধাৰণ বুলি এৰি চলা ভয়াৱহ কথা৷ পৰিয়ালৰ সদস্যসকলৰ মাজত সকলো সময়তে খামখেয়ালি দেখি দেখি ডাঙৰ হোৱা শিশুবোৰে সাধাৰণতে খঙাল, বদমেজাজী হোৱা দেখা যায়৷ তদুপৰি তেওঁলোক হীনমন্যতাতো ভোগে আৰু বন্ধু–বান্ধৱীৰ সংগ অবিহনে ভীষণ যন্ত্রণাত দিন কটায়৷ আপোনাৰ চকুৰ আগতেই এনে কিশোৰ–কিশোৰী হয়তো আপুনি দেখিছে অথবা আপোনাৰ নিজৰ সন্তানটো এনেবোৰ সমস্যাত আক্রান্ত হোৱাৰ বাবে আপুনি উদ্বিগ্ণতাত ভুগি আছে৷ কিন্তু আপুনি ভাবি চাইছেনে যে তাৰ এই অস্থিৰ মানসিক অৱস্থাৰ বাবে আপুনি আৰু আপোনাৰ ঘৰখনৰ পৰিৱেশেই দায়ী৷ সন্তানৰ সুস্থ মানসিকতাৰ বাবে পৰিয়ালৰ শান্তিপূর্ণ পৰিৱেশ এটা গুৰুত্বপূর্ণ চর্ত আৰু সেই পৰিৱেশ তেতিয়াই সৃষ্টি হয়, যেতিয়া পৰিয়ালৰ পিতৃ–মাতৃৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক সন্তানে দেখিবলৈ পায়৷ ইয়াৰ ব্যতিক্রম ঘটিলেই সন্তানৰ মানসিক স্বাস্থ্যত তাৰ প্রভাৱ পৰে৷ ভংগুৰ পৰিয়ালৰ অধিকাংশ সন্তানেই ডাঙৰ হোৱাৰ পিছত প্রচণ্ড নিৰাপত্তাহীনতাত ভোগে আৰু তাৰ প্রভাৱ পৰে তেওঁৰ ডাঙৰ হোৱাৰ পিছত ব্যক্তি আৰু সমাজ জীৱনত৷ এই কথা সম্পূর্ণ সত্য যে এটা পৰিয়ালত সন্তান যদি প্রতিমুহূর্ততে হুলস্থূল আৰু কাজিয়া–পেচালৰ মাজত ডাঙৰ হয় আৰু কোনোবাই যদি ছিংগল পেৰেণ্টিং বা অকলশৰে সন্তান ডাঙৰ কৰে, তেন্তে তাৰ ফল সন্তানেই ভোগ কৰিব লগা হয়৷ শান্তিৰ প্রয়োজনত স্বামী–স্ত্রীৰ বিচ্ছেদ হ’ব পাৰে৷ কিন্তু সন্তানৰ ওপৰত তাৰ প্রভাৱ পৰিব নে নাই, সেই কথা পূৰামাত্রাই নির্ভৰ কৰে দুয়োজনৰ ইতিবাচক মনোভাব আৰু আচৰণৰ ওপৰত৷ দাম্পত্য সম্পর্কত ফাট মেলিলেই যে সন্তানৰ লগতো সম্পর্ক নষ্ট হ’ব বা নোহোৱা হ’ব অথবা সন্তানে তেওঁৰ প্রাপ্য ভাল পোৱাৰ পৰা বঞ্চিত হ’ব তেনে নহয়৷ সন্তানটোক আটাইতকৈ আপোন দুজন মানুহৰ বিচ্ছিন্ন হোৱাৰ সিদ্ধান্তই প্রচণ্ড একাকিত্ব আৰু দুশ্চিন্তাৰ গৰাহত পেলায়৷ যাৰ ফলত সন্তানটোৰ ব্যক্তিত্ব বিঘ্ণিত হয়৷ কিন্তু এই সমস্যাৰ সমাধানৰ চাবিকাঠী থাকে পিতৃ–মাতৃৰ হাততেই৷ সন্তানৰ জীৱন সুস্থভাৱে গঢ় লৈ উঠাত পিতৃ–মাতৃৰ যৌথ ভূমিকা অনস্বীকার্য৷ সেয়েহে সন্তানৰ প্রতিপালনৰ ক্ষেত্রত আইনে লোৱা সিদ্ধান্ততকৈ বেছি গুৰুত্বপূর্ণ হ’ল সন্তানৰ সার্বিক কল্যাণ৷ পিতৃ–মাতৃ দুয়োজনেই সন্তানৰ মানসিক স্বাস্থ্যৰ প্রতি গুৰুত্ব ৰাখিব লাগে আৰু সেই বিষয়ে বিবেচনা কৰাৰ অধিকাৰ আৰু দায়িত্ব পালন কৰিব লাগে৷ পিতৃ–মাতৃৰ লগতে পৰিয়ালৰ অন্যান্য সদস্য আৰু সমাজৰ ভূমিকাও ভীষণ গুৰুত্বপূর্ণ৷ আমাৰ সমাজ ব্যৱস্থাত এতিয়াও বিচ্ছেদক সহজভাৱে লোৱা নহয় আৰু বিচ্ছেদৰ পিছত পুৰুষ অথবা মহিলা দুয়োজনেই নানা তিক্ত অভিজ্ঞতাৰ মুখামুখি হ’ব লগা হয়৷ যাৰ প্রভাৱ পৰে সন্তানৰ ওপৰত৷ ভংগুৰ পৰিয়ালৰ সন্তানক কটু কথা শুনোৱা হয় আৰু তাৰ লগত কঠোৰ আচৰণ কৰা হয়৷ বিচ্ছেদৰ পিছত মাক–দেউতাকৰ সৈতে সন্তানৰ বন্ধুত্বপূর্ণ সম্পর্ক থাকিব নে নাথাকে, সেয়াও নির্ভৰ কৰে পৰিয়াল, সমাজ আৰু পাৰিপার্শ্বিকতাৰ ওপৰত৷ সকলো পাৰিবাৰিক আইনতো সন্তানৰ অভিভাৱকত্ব আৰু যত্নৰ দায়িত্ব পিতৃৰ ওপৰত ন্যস্ত থাকে৷ এটা নির্দিষ্ট বয়সলৈকে মাকৰ হাতত সন্তানৰ দায়িত্ব থাকে আৰু মাকৰ অধিকাৰ এইক্ষেত্রত সকলোৱে স্বীকৃতি দিয়ে৷ এই সময়ছোৱাত মাকৰ অগোচৰে যদি পিতৃয়ে জোৰকৈ সন্তানক নিজৰ ওচৰলৈ আনিব খোজে, তেন্তে পিতৃৰ বিৰুদ্ধে অপহৰণৰ গোচৰ পর্যন্ত পঞ্জীয়ন হ’ব পাৰে৷ সন্তানে অৱশ্যে যিজনৰ লগত থাকিব বিচাৰে আৰু স্বাচ্ছন্দ্য অনুভৱ কৰে তেওঁৰ লগতেই থাকিব পাৰে৷ পিতৃ আৰু মাতৃৰ যত্নত ডাঙৰ হোৱা সন্তানৰ শাৰীৰিক আৰু মানসিক বিকাশ সুস্থ হয়৷ এইক্ষেত্রত অৱশ্যে আর্থিক বিষয়টোৱে গুৰুত্ব পায়৷ কিন্তু সন্তানে যদি এজনৰ লগত থাকি আনজনৰ সৈতে নিয়মিত যোগাযোগ আৰু যাতায়াত ৰক্ষা কৰে, তেন্তে সন্তানৰ খৰচ তেওঁ বহন কৰিবলগা হয়৷ দুজন সুস্থ মানসিকতাৰ মানুহ পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত অথবা শান্তিৰ সন্ধানতে তিক্ততাপূর্ণ সম্পর্ক শেষ কৰিব পাৰে৷ কিন্তু সন্তানৰ লগত কেতিয়াও আৰু কোনো অৱস্থাতে বিচ্ছেদ কাম্য নহয়৷ পিতৃ–মাতৃৰ উচিত যতন সন্তানক প্রয়োজন৷ সেয়েহে তেওঁলোক দুয়োৱে বিচ্ছেদৰ সিদ্ধান্ত ল’লেও সন্তানক এই সম্পর্কে সৰলভাৱে বুজাই দিয়া উচিত৷ তেওঁলোকে যাতে কোনোপধ্যেই নিৰাপত্তাহীনতাত নোভোগে সেইফালেও গুৰুত্ব দিব লাগে৷ সন্তানৰ মংগলৰ বাবে তাক আশ্বাস দিয়া প্রয়োজন যে বিচ্ছেদৰ পিছতো পিতৃ–মাতৃ আগৰ দৰেই তাৰ কাষতেই থাকিব আৰু তাক ভাল পাই থাকিব৷ সম্পর্ক শেষ হ’লেও সন্তানৰ খাতিৰতে বন্ধুত্ব বজাই ৰখাটো বৰ দৰকাৰ৷