নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ চীনত অব্যাহত আছে ক’ৰোনা ভাইৰাছৰ আতংক । মঙলবাৰে এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ৪২৫ জনলৈ । ইপিনে এক সূত্ৰমতে এই পৰ্যন্ত সমগ্ৰ বিশ্বৰ প্ৰায় ২০,৪৩৮ গৰাকী লোকৰ দেহলৈ এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ঘটিছে ।
ইফালে জাপান চৰকাৰে দেশখনত ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকসকলক পানীৰ ওপৰত এখন জাহাজতে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যাতে ভাইৰাছবিধৰ সংক্ৰমণ স্থানীয় লোকসকললৈ নিবিয়পে ।