সূৰুযৰ কিৰণত স্বাস্থ্যৰ বতৰা
সূৰুয, সূর্য, দ্বিাকৰ, ভাস্কৰ, তপন আদি অনেক নামেৰে যেনেকৈ সূর্যক সম্ভাষণ কৰা হয়, তদনুৰূপ অনেক উপকাৰেৰে সূর্য দেৱতায়ো আমাক উপকৃত কৰে৷ সূর্যক পৃথিৱীৰ চকু বুলি কোৱা হয়৷ ভগৱানৰ অন্বদ্য বৰদান হৈছে সূর্য৷ সূর্যৰ কিৰণ হৈছে ৰ’দ৷ ৰ’দ প্রকৃতিৰ অমূল্য উপহাৰ আৰু ভিটামিন ডিৰ মুখ্য উৎস৷ সূর্যৰ কিৰণ হৈছে জীৱনদায়িনী৷ সূর্যৰ কিৰণত থকা ভিটামিন ডি আমাৰ স্বাস্থ্যৰ পক্ষে অত্যন্ত উপকাৰী৷ ভিটামিন ডি প্রায় এহাজাৰ জিনৰ সঠিক সঞ্চালনৰ সহায়কাৰী৷ আমাৰ চেনেহৰ মাতৃভূমি ভাৰত্বর্ষত সুৰুযৰ কিৰণৰ অভাৱ নাই, কিন্তু বিশ্বৰ এনে বহু দেশ আছে, যিসমূহ দেশত ভাৰত্বর্ষৰ দৰে পর্যাপ্ত পোহৰ নপৰে৷ সেয়েহে বিশ্বৰ বিভিন্ন দেশৰ ব্যক্তি ভাৰতত ৰ’দ পুৱাবৰ বাবে আহে৷ প্রাকৃতিক চিকিৎসা বিজ্ঞানৰ পৰিভাষা অনুযায়ী ৰ’দৰ তাপ গ্রহণ কৰা কার্যক ‘সূর্যস্নান’ বুলি কোৱা হয়৷ এই ‘সূর্যস্নান’ বহু ব্যাধি নিৰাময়ৰ ক্ষেত্রত ৰাম্বাণস্বৰূপ৷ এক আন্তঃৰাষ্ট্রীয় স্তৰৰ গৱেষণাত প্রকাশিত হৈছে যে সমগ্র বিশ্বৰ প্রায় দহ কোটি লোক ভিটামিন ডিৰ অভাৱজনিত ৰোগত ৰোগগ্রস্ত৷ প্রতিদিনে মাথোঁ ৩০ মিনিট সময় সূর্যস্নান কৰি দেহৰ প্রয়োজনীয় ভিটামিন ডিৰ পূর্তি কৰিব পাৰোঁ৷ ইয়াৰ বাবে প্রাতঃকালৰ সময়ত সূর্যস্নান খুবেই ফলপ্রসূ৷ এই অভ্যাসে স্বাস্থ্যৱান হূদযন্ত্র, তীক্ষ্ণ স্মৰণশক্তি, দেহৰ ওজন নিয়ন্ত্রণ আদি বহুতো সুফল প্রদান কৰে৷ সূর্যস্নানৰ ফলত দেহত ভিটামিন ডি সঠিকভাৱে প্রাপ্ত হয়৷ ভিটামিন ডি শৰীৰত পর্যাপ্ত মাত্রাত থাকিলে কেঞ্চাৰ, উচ্চ ৰক্তচাপ, মধুমেহ, মেদ্বহুলতা, পিঠিৰ বিষ, চুলি সৰা আদি নানা সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বহুখিনি কমি যায়৷ ভিটামিন ডি সঠিকভাৱে দেহত থাকিলে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি পায়, চর্দি–কাহ, নিউমোনিয়া আদি ব্যাধিৰ পৰা দেহক সুৰক্ষা প্রদান কৰে৷ যদি মহিলাই আৰম্ভণিৰ পৰাই শৰীৰত ভিটামিন ডিৰ সন্তুলন বজাই ৰখাৰ ক্ষেত্রত ধ্যান দিয়ে, তেন্তে মেনোপ’জৰ সময়ত অসুবিধাৰ সন্মুখীন হ’লগীয়া নহয়৷
শৰীৰত ‘ভিটামিন ডি’ৰ অভাৱৰ বাবে আমাৰ হাডসমূহ দুবল হয়৷ ডিঙিৰ পাছফালে আৰু গাঁঠিসমূহত বিষ হ’লৈ ধৰে৷ ৰোগীয়ে বিষ উপশমকাৰী ঔষধ খায় যদিও, স্থায়ী সমাধান লাভ নকৰে৷ বৰঞ্চ বিষ উপশমকাৰী ঔষধসমূহ নিয়মিত খোৱাৰ ফলত বৃক্ক বিকল, যকৃত বিকাৰ আদি সমস্যাই দেখা দ্বি পাৰে৷ এজন সুস্থ ব্যক্তিৰ ৰক্তত ৩০ৰ পৰা ১০০ মাইক্রো ইউনিট ভিটামিন ডি থাকে৷ ইয়াৰ স্তৰ হ্রাস পোৱাৰ ফলত ব্যক্তিৰ শাৰীৰিক পীডা আৰম্ভ হয়৷ শৰীৰত ভিটামিন ডিৰ মাত্রা ১০ মাইক্রো ইউনিট কম হোৱাৰ ফলত ব্যক্তিৰ হাড নিজে নিজে ভাগ্বি ধৰে৷ ভিটামিন ডি কম হোৱা ৰোগীৰ ক্ষেত্রত ১০০জন ৰোগীৰ ভিতৰত ৬০গৰাকী মহিলা আৰু ৪০গৰাকী পুৰুষ থাকে৷ বহু সময় ধৰি যান–বাহনৰ ভিতৰত থকা বা শীত তাপ নিয়ন্ত্রিত কক্ষত বহু সময় ধৰি থকাৰ অভ্যাসে ভিটামিন ডিৰ অভাৱ সৃষ্টি কৰাৰ সম্ভাৱনা প্র্বল কৰে৷ বিভিন্ন গৱেষণাত প্রমাণিত হৈছে যে সূর্যস্নানৰ পৰা পোৱা ‘ভিটামিন ডি’ এ ডিপ্রেছনৰ পৰা ৰক্ষা পোৱাত সহায় কৰে৷
প্রাকৃতিক চিকিৎসা বিজ্ঞানত ‘সূর্যস্নান’ এক মহত্ত্বপূর্ণ সোপান৷ নিতৌ শুদা ভৰিৰে সূর্যভিমুখ হৈ খুব পুৱাতে খোজকাঢ়্বি লাগে৷ কেঁচা ৰাস্তাত খোজকাঢ়্বি পাৰিলে ভাল৷ নোৱাৰিলেও খেতিপথাৰত খোজকাঢ়্বি পাৰে৷ নিতৌ কমেও তিনি কিলোমিটাৰ খোজকাঢ়্বি পাৰিলে ভাল৷
‘সূর্যস্নান’ প্রকৃতিৰ অনুপম বৰদান৷ ‘সূর্যস্নান’ৰ উপকাৰিতা বর্ণনা কৰি শেষ কৰিব নোৱাৰি৷ ‘সূর্যস্নান’ৰ কেইটিমান উপকাৰিতা তলত উল্লেখ কৰা হ’ল–
– জঠৰাগ্নি প্রদীপ্ত কৰে
– ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি হয়
– পজিটিভ হৰম’ন নিঃসৰণ হয়
– কলেষ্টেৰলৰ মাত্রা কম হয়৷
সকলো কথাতে অতিমাত্রা ঠিক নহয়৷ ‘সূর্যস্নানো’ অতি হ’লে বিবিধ প্রতিকূল পৰিস্থিতিৰ সৃষ্টি হয়, যেনে– চর্ম এলার্জী, ডিহাইড্রেচন, ছালৰ কর্কট, চকুৰ সমস্যা আদি৷
যদি আপুনি সূর্যৰ কিৰণৰ প্রতি েবছি সংবেদনশীল, তেন্তে সূর্য কিৰণৰ ফালে মুখ দি বহাৰ পৰিৱর্তে পিঠি দি বহ্বি৷ সূর্যস্নান কৰিয়েই ঠাণ্ডা পানীৰে গা নুধুব আৰু সেইদৰে পানীৰে স্নান কৰি লগে লগে সূর্যস্নান নকৰিব৷