নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱ জাতিৰ বাবে আশাৰ খবৰঃ কৃত্ৰিম DNAৰে কৰ্কট নিৰাময়ত যুগান্তকাৰী সফলতা বিজ্ঞানীৰ

নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ: ইংৰাজী ২০২২ৰ সামৰণিত মানৱ জাতিৰ বাবে এক আশাৰ খবৰ৷ দুৰাৰোগ্য কর্কট নিৰাময়ৰ বাবে পথৰ সন্ধান বিচাৰি থকা চিকিৎসা বিজ্ঞানীসকলে লাভ কৰিলে এক নতুন পথ৷ প্রথমবাৰৰ বাবে কৃত্রিম ডি এন এ ব্যৱহাৰ কৰি কর্কট কোষ বিনাশত সফলতা লাভ কৰিলে জাপানৰ গৱেষক বিজ্ঞানীয়ে৷ কর্কট কোষ আৰু আন দেহৰ কোষৰ মাজত পার্থক্য নির্ণয় কৰাত জটিলতাৰ বাবে কর্কট চিকিৎসাত নিউক্লেৰিক এচিডছ (ডি এন এ আৰু আৰ এন এ)ৰ ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্রত থকা প্রতিবন্ধকতাক আঁতৰাই জাপানৰ চিকিৎসা বিজ্ঞানীয়ে কৃত্রিম ডি এন এৰ দ্বাৰা কর্কট কোষ বিনাশত সফলতা লাভ কৰি চিকিৎসা বিজ্ঞানত কর্কট ৰোগৰ চিকিৎসাৰ নতুন পথ উদ্ভাৱন কৰিলে৷ এই নতুন উদ্ভাৱনে ভৱিষ্যতে কর্কট ৰোগৰ পৰা নিৰাময়ৰ সন্ধান দিলে৷ জাপানৰ টকিঅ’ বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীৰ দলে এই নতুন পথৰ সন্ধান দিছে৷ দ্য জার্নেল অৱ আমেৰিকান কেমিকেল ছ’চাইটীত প্রকাশিত কর্কট কোষ বিনাশৰ নতুন গৱেষণাৰ প্রতিবেদনে চিকিৎসা বিজ্ঞানীসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে৷ টকি’ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক কুনিহিকো মৰিহিৰো আৰু গ্রেজুৱেট স্কুল অৱ ইঞ্জিনীয়াৰিঙৰ অধ্যাপক আকিমিচ্ছু অ’কাম’ট’ৰ নেতৃত্বত গৱেষকৰ দলটোৱে কৃত্রিম ডি এন এ ব্যৱহাৰৰ দ্বাৰা কর্কট প্রতিৰোধী ঔষধ উদ্ভাৱনৰ সফলতা লাভ কৰিছে৷

উল্লেখ্য যে বর্তমানৰ কর্কট ৰোগৰ চিকিৎসা পদ্ধতিটো সীমিত অৱস্থাতে আছে৷ বিজ্ঞানীসকলে বিশ্বাস কৰে যে আৰ এন এ আৰু ডি এন এ আধাৰিত ঔষধে মাৰাত্মক কর্কট ৰোগৰ বীজাণুটোক ধ্বংস কৰিব পাৰে৷ কিন্তু কর্কট কোষ আৰু দেহৰ আন অংগৰ কোষৰ পার্থক্য বিচাৰি উলিওৱাত জটিলতাৰ বাবে আজিলৈকে সেয়া সম্ভৱ হৈ উঠা নাই৷ এনে সময়তে জাপানৰ গৱেষক বিজ্ঞানীয়ে কৃত্রিম ডি এন এৰ জৰিয়তে কর্কটৰ কোষ বিনাশ কৰাটো সম্ভৱ হোৱাৰ গৱেষণাই নতুন পথৰ সন্ধান দিলে৷ টকি’ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে ৰাসায়নিক–ছিন্থেটিক হেয়াৰপিন আকাৰৰ কৃত্রিম ডি এন এৰ জৰিয়তে কর্কট কোষ বিনাশ কৰিবলৈ সক্ষম হৈছে৷ এই কৃত্রিম ডি এন এৰ জৰিয়তে প্রাৰম্ভিক পর্যায়ত মানুহৰ মুখগহ্বৰ কর্কট আৰু স্তন কর্কটৰ কোষ বিনাশ কৰিব পাৰি৷

গৱেষণাক নেতৃত্ব প্রদান কৰা অধ্যাপক আকিমিচ্ছু অ’কাম’ট’ই প্রকাশ কৰা মতে কৃত্রিম ডি এন এৰ জৰিয়তে অতি শীঘ্রে কর্কট কোষ বিনাশৰ বাবে ঔষধ প্রস্তুত কৰিব পৰা যাব আৰু ইয়েই কর্কট ৰোগ নিৰাময়ত প্রধান ঔষধ হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা আছে৷ এই গৱেষণাত এই কথাও নিশ্চিত হৈছে যে কৃত্রিম ডি এন এৰ দ্বাৰা কর্কট কোষ বিনাশৰ সময়ত কোনোধৰণৰ বিশেষ পার্শ্বক্রিয়া ধৰা পৰা নাই৷ ২০২২ বর্ষৰ সামৰণিত দুৰাৰোগ্য কর্কট ৰোগ নিৰাময়ৰ বাবে চিকিৎসা বিজ্ঞানীৰ নতুন পথৰ সন্ধানে মানৱ জাতিৰ বাবে আশাৰ সঞ্চাৰ কঢ়িয়াইছে৷

You might also like