বঙাইগাঁৱৰ নগৰঝাৰত আফিংসহ ধৃত এক
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ : নৱবৰ্ষৰ প্ৰাকক্ষণত মাণিকপুৰ আৰক্ষীৰ সফল অভিযান।মাণিকপুৰ আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত বঙাইগাঁৱৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ নগৰঝাৰত অভিযান চলাই অবৈধ আফিংসহ ৰজৱ আলী নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মাণিকপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সাহা আৰু গেৰুকাবাৰী টহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিণয় মালাকাৰৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ধৃত ব্যৱসায়ী ৰজৱ আলীৰ পৰা ১ কিলোগ্ৰাম অবৈধ আফিংসহ, এখন নম্বৰপ্লেটবিহীন টিভিএছ আপাচী বাইক আৰু এটা মবাইল জব্দ কৰে। ধৃত ৰজৱ আলীৰ ঘৰ গোৱালপাৰাৰ বিৰসিং হালাংগা চৰৰ ১ নং খণ্ডত।
প্ৰেৰক বৰ্ণালী তালুকদাৰ