নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ বছৰত অভিষেকঃ আন্তর্জাতিক ক্রিকেটত পলমকৈ পোৱা সুযোগে ভোক বঢ়াইছে সূর্যৰ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী: আন্তর্জাতিক ক্রিকেটত সূর্য কুমাৰ যাদৱৰ অভিষেকৰ সময়ত তেওঁৰ বয়স হৈছিল ৩১ বছৰ৷ ঘৰুৱা ক্রিকেটত নিয়মিতভাৱে ৰান কৰি তেতিয়ালৈ বিশেষ পৰিচিতি লাভ কৰিছিল তেওঁ৷ ইয়াৰ লগত যোগ হয় আইপিএলৰ বৃহৎ ইনিংছসমূহ৷ এইবোৰে তেওঁক আন্তর্জাতিক ক্রিকেটত সুযোগৰ পথ ৰচনা কৰি দিয়ে৷ কিন্তু ইমান পলমকৈ অভিষেক ঘটাক লৈ চিন্তিত নহয় সূর্য কুমাৰ৷ ইয়াৰ ফলত ৰানৰ প্রতি তেওঁৰ ভোক বৃদ্ধি হোৱা বুলি ধাৰণা কৰে৷

উল্লেখ্য যে ২০২১ চনত আন্তর্জাতিক ক্রিকেটত অভিষেক হয় সূর্য কুমাৰৰ৷ ইয়াৰ ভিতৰতে টি–২০ ক্রিকেটত আইচিচিৰ ক্রম তালিকাত ১ নম্বৰ স্থানৰ বেটাৰ তেওঁ৷ টি–২০ ক্রিকেটত ইতিমধ্যে তিনিটা শতৰান অর্জন কৰিছে সূর্য কুমাৰে৷ তেওঁতকৈ আগত থকা ৰোহিত শর্মাই কৰিছে চাৰিটা শতৰান৷ ৰাজকোটত কালি শ্রীলংকাৰ বিৰুদ্ধে ৫১টা বলত ১১২ ৰান কৰে সূর্য কুমাৰে৷ আন্তর্জাতিক ক্রিকেটত পলমকৈ সুযোগ পোৱা প্রসংগত তেওঁ ৰাহুল দ্রাবিড়ক কয় ‘পলমকৈ অভিষেক হোৱাত মোৰ ভোক বৃদ্ধি পাইছে৷’

শ্রীলংকাৰ বিৰুদ্ধে টি–২০ শৃংখলা দখলৰ পিছত দ্রাবিড় আৰু সূর্য কুমাৰৰ এটি ভিডি’ পোষ্ট কৰে বিচিচিআয়ে৷ তাত সূর্য কুমাৰে কয় যে সকলো সময়তে নিজৰ শ্রেষ্ঠত্ব উজাৰি দিবলৈ তেওঁ চেষ্টা কৰিছে৷ ক্রিকেট খেলি আনন্দ লাভ কৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ক্রিকেটৰ প্রতি থকা আৱেগেই তেওঁক ভাল খেলিবলৈ প্রেৰণা দিয়ে৷

ইপিনে তেওঁৰ সফলতাৰ বাবে পৰিয়ালক ধন্যবাদ জনাইছে সূর্য কুমাৰে৷ বেটাৰগৰাকীয়ে কয় যে এইপর্যন্ত ক্রিকেট কেৰিয়াৰত তেওঁ যিখিনি কৰিবলৈ সক্ষম হৈছে, তাৰ বাবে পৰিয়ালক কৃতিত্ব দিবই লাগিব৷ পিতৃ পেছাত ইঞ্জিনীয়াৰ হোৱাৰ লগতে তেওঁৰ পৰিয়ালৰ কোনো সদস্য খেলা–ধূলাৰ সৈতে জড়িত নাছিল৷ পৰিয়ালৰ সকলোৱে তেওঁৰ বাবে যথেষ্ট ত্যাগ কৰাৰ লগতে পত্নীও সদায় তেওঁৰ ওচৰতে থকা বুলি উল্লেখ কৰি সূর্য কুমাৰে কয় যে বিয়াৰ পিছৰ পৰা খোৱা–বোৱা আৰু নিজকে ফিট ৰখাৰ বাবে পত্নীয়ে প্রচুৰ সহায় কৰিছে৷

You might also like