কন্যাৰে ফটো ইনষ্টাগ্ৰামত পোষ্ট বিৰাট কোহলিৰ
বিশেষ বাৰ্তা, ৯ জানুৱাৰীঃ কিং বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাক শেহতীয়াকৈ বৃন্দাবনত দেখা গ’ল। য’ৰ পৰা তেওঁৰ বহু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। একে সময়তে বিৰাটে অনুৰাগীক এক ট্ৰিট দি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এখন নতুন ছবি, য’ত তেওঁক নিজৰ মৰমলগা কন্যা আৰু পত্নী অনুষ্কা শৰ্মাৰ সৈতে বিলৰ কাষেৰে খোজ কাঢ়ি যোৱা দেখা গৈছে। কোহলিয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ছবিখন শ্বেয়াৰ কৰিছে। ছবিখনত বিৰাট, অনুষ্কা আৰু তেওঁলোকৰ কন্যা বামিকাক বিলত দৌৰি থকা দেখা গৈছে। এই মৰমলগা ফটোখন শ্বেয়াৰ কৰি বিৰাটে কেপচনত লিখিছে যে ‘ৰব্বা বক্ষিয়ান তু আনিয়ান মেহৰাবনিয়ান, হৰ তেৰে তো কুচ নি মাংদা, বাছ তেৰা শুকৰ আদা কৰ্দান’, আনহাতে ছবিখনত বিৰাটক ক’লা চুৱেটাৰ পিন্ধি আৰু অনুষ্কা শৰ্মাক অল ব্লেক লুকত দেখা গৈছে ৷ বামিকাক টি-চাৰ্ট আৰু শ্বৰ্ট পিন্ধি দেখা যায়। যদিও তিনিওজনে কেমেৰাত নিজৰ মুখ দেখুওৱা নাই। একে সময়তে বিৰাটৰ এই পোষ্টটোত তেওঁৰ অনুৰাগীসকলে অপৰিসীম মৰম দিছে।