নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোজগাৰ মেলাঃ ৭১ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী:  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে চৰকাৰী বিভাগ আৰু ইয়াৰ সংগঠনবোৰত নতুনকৈ নিযুক্তি পোৱাসকলক ৭১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগতে নিযুক্তিপ্ৰাপ্তসকলক সম্বোধন কৰে। শুকুৰবাৰে নতুন নিযুক্তিপ্ৰাপ্তসকলে ‘কৰ্মযোগী প্ৰাৰম্ভ’ মডুলৰ পৰা শিক্ষা গ্ৰহণৰ অভিজ্ঞতা প্ৰাপ্ত কৰে। ‘কৰ্মযোগী প্ৰাৰম্ভ’ মডুল হৈছে নিযুক্তিপ্ৰাপ্তসকলৰ বাবে অনলাইন অৰিয়েণ্টেচন পাঠ্যক্ৰম।

কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে- “ৰোজগাৰ মেলা প্ৰধানমন্ত্ৰীয়ে নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ। ৰোজগাৰ মেলাই অধিক নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰাৰ লগতে যুৱক-যুৱতীসকলক তেওঁলোকৰ সবলীকৰণ আৰু অংশগ্ৰহণৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৰাষ্ট্ৰীয় উন্নয়নত।” 

উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত হোৱা নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলে , সামাজিক সুৰক্ষা বিষয়া, পি এ, এম টি এছ, অন্যান্যৰ লগতে কনিষ্ঠ অভিযন্তা, টেকনিচিয়ান, পৰিদৰ্শক, উপ-পৰিদৰ্শক, কনিষ্টবল, ষ্টেনোগ্ৰাফাৰ, কনিষ্ঠ একাউণ্টেণ্ট, গ্ৰামীন ডাক সেৱক, আয়কৰ পৰিদৰ্শক, শিক্ষক, নাৰ্ছ, ডাক্তৰ আদি বিভিন্ন চৰকাৰী পদত যোগদান কৰিব ।

You might also like