নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বৃহস্পতিবাৰে মুকলিকৈ সমকামী অধিবক্তা সৌৰভ কিৰপালক দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰসংগক্ৰমে ২০২১ চনৰ ১১ নৱেম্বৰত যেতিয়া কলেজিয়ামে প্ৰথমবাৰৰ বাবে সৌৰভ কিৰপালৰ নাম দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাবে উত্থাপন কৰিছিল যদিও কেন্দ্ৰই এই সন্দৰ্ভত এক আপত্তিজনক টোকা প্ৰেৰণ কৰে। কিন্তু সেই আপত্তি স্থায়ী নহ’ল।কলেজিয়ামে কিৰপালৰ উন্নীতকৰণৰ বিৰুদ্ধে কেন্দ্ৰই প্ৰেৰণ কৰা আপত্তি নাকচ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সমুখত তেওঁৰ নাম উল্লেখৰ সিদ্ধান্ত গ্ৰহণ কৰে। কলেজিয়ামে কয় জ্যেষ্ঠ অধিবক্তাজন সাংবিধানিক আদালতত ন্যায়াধীশ হিচাপে নিযুক্তি পাবৰ বাবে সকলো দিশতে যোগ্য। ভাৰতৰ এখন সাংবিধানিক আদালতৰ ন্যায়াধীশ হিচাপে মুকলিকৈ সমকামী ব্যক্তি জ্যেষ্ঠ অধিবক্তা সৌৰভ কিৰপালক নিযুক্তি দিয়াৰ সিদ্ধান্তত দৃঢ়তাৰে থিয় দিছে উচ্চতম ন্যায়ালয় কলেজিয়াম।