এটা নিউজ চেনেলৰ জন্ম
সুৰীয়া সুৰেৰে মণ্টাজটো বাজিছিল আৰু পলকতে পিচিআৰৰ পৰা ভাহি আহিছিল এটা শব্দ– ‘কিউ’৷ লগে লগেই চকুৰ পলক নেপেলোৱাকৈ এংকৰগৰাকীয়ে আত্মবিশ্বাসেৰে কেমেৰালৈ চাই কৈছিল– ওপজা মাটিৰ পৰশেৰে উজ্জীৱিত অসমৰ প্রথমটো ছেটেলাইট চেনেল ‘নিউজ লাইভ’লৈ স্বাগতম৷ অসমবাসীৰ বাবে ‘নিউজ লাইভ’ৰ আনুষ্ঠানিক জন্মৰ তাৰিখ আছিল ২০০৮ চনৰ ২১ জানুৱাৰী৷ কিন্তু আমাৰ বহুতৰে বাবে এই প্রক্রিয়া আৰম্ভ হৈছিল ২০০৭ৰ জুন মাহৰ পৰা৷ এটা টেলিভিছন চেনেল কেনেকৈ ভূমিষ্ঠ হৈছিল?
২০০৭ৰ জুন মাহৰ এটা গ্রীষ্মকালীন আবেলিতে টেলিভিছন চেনেলটোৰ নাম আৰু টেগ লাইনক লৈ আলোচনা হৈছিল৷ বহু আলোচনা–বিলোচনাৰ পিছত আমি নাম ৰাখিছিলোঁ ‘নিউজ লাইভ’৷ ৱাছবীৰ হুছেইনে দিয়া চেনেলটোৰ টেগ লাইন আছিলPushing Northeast 24X7৷ এনেদৰেই আমাৰ প্রাৰম্ভিক কিছু কাম আগবাঢ়িছিল৷ চেনেলৰ অনুজ্ঞাপত্র, চেনেলৰ নাম, টেগ লাইন চূড়ান্ত হৈছিল৷ কিন্তু চেনেলটো সম্প্রসাৰণৰ সময়তেই আহিছিল প্রকৃত প্রত্যাহ্বান৷ আমাক প্রয়োজন হৈছিল এটা নতুন টীমৰ৷ জু–ৰোডৰ জোনালীত এটা সৰু ভাৰাঘৰত আমাৰ কার্যালয় আৰম্ভ হৈছিল৷ সেই কার্যালয়তে বহি পুংখানুপুংখ আলোচনা হৈছিল কেনেকৈ চেনেলটো আৰম্ভ কৰিম৷ চেনেলটোৰ তেতিয়াৰ এডিটৰ ইন চীফ অতনু ভূঞাৰ সৈতে আমি কিছু পৰিকল্পনা কৰিছিলোঁ৷ আমি সিদ্ধান্ত লৈছিলোঁ একেবাৰে নতুন সাংবাদিক আৰু সংবাদকর্মীক লৈ আমি চেনেলটো আৰম্ভ কৰিম৷ মোৰ উপৰি অতনু ভূঞাৰো সাংবাদিকতাৰ জগতত কাম কৰাৰ প্রায় দুটা দশকৰ অভিজ্ঞতা আছিল৷ মোৰ যিমানদূৰ মনত আছে খুব সম্ভৱ আৰু মাত্র ৪/৫জন সাংবাদিকৰহে বাতৰিকাকতত ১ৰ পৰা ৫ বছৰৰ কাম কৰাৰ অভিজ্ঞতা আছিল৷ মোৰ লগতে আৰু দুই–এজনৰহে টেলিভিছনত কাম কৰাৰ কিছু অভিজ্ঞতা আছিল৷ তাৰ বাহিৰে আমাৰ দলটোৰ সকলোৱে আছিল টেলিভিছন সাংবাদিকতাৰ নতুন মুখ৷ সেয়েহে সকলোকে টেলিভিছন সাংবাদিকতাৰ খুঁটিনাটি অৱগত কৰোৱাবলৈ প্রয়োজন হৈছিল এটা পূর্ণকালীন প্রশিক্ষণৰ৷ ইয়াৰ বাবে দিল্লীস্থিত টেলিভিছন সাংবাদিকতাৰ প্রতিষ্ঠান ‘মিডিয়া গুৰু’ৱে আমাৰ দলটোক প্রশিক্ষণ দিছিল৷ খুব কম সময়ৰ ভিতৰতেই সামাজিক, ৰাজনৈতিক, সর্বসাধাৰণৰ সৈতে জড়িত বিভিন্ন স্পর্শকাতৰ বিষয়, নাৰী, ক্রীড়া, বিনোদন আৰু চিনেমা জগতৰ আগ্রাসী সংবাদ সম্প্রচাৰণেৰে নিউজ লাইভে টেলিভিছন সাংবাদিকৰ জগতত দিছিল সবল খোজ৷
নিউজ লাইভৰ শুভাৰম্ভণি হোৱাৰ ৯টা মাহৰ পিছতেই ২০০৮ৰ ৩০ অক্টোবৰত নিউজ লাইভ চেনেল দেশৰ লগতে আন্তঃৰাষ্ট্রীয় টেলিভিছন চেনেলৰ একমাত্র উৎস হৈ পৰিছিল ভয়ংকৰ বোমা বিস্ফোৰণৰ খবৰৰ বাবে৷ দেশৰ সকলো চেনেল আৰু আন্তঃৰাষ্ট্রীয় চেনেলত বাজিছিল কেৱল নিউজ লাইভৰ ভিজুৱেল৷ দিনৰ প্রায় ১১.৩০ মান বজাত ধাৰাবাহিক বোমা বিস্ফোৰণে জোকাৰি গৈছিল সমগ্র অসম৷ মুহূর্তৰ ভিতৰতে আমি টেলিভিছনৰ পর্দাত দেখুৱাইছিলোঁ ভয়ংকৰ ঘটনাৰ দৃশ্যাৱলী৷ আমাৰ নিউজ ৰুমৰ পৰা দেখা গৈছিল গণেশগুৰিৰ উৰণ সেতুৰ ওপৰেৰে বিস্ফোৰণৰ ধোঁৱা৷ কার্যালয়ৰ পৰাই আমাৰ কেমেৰা পার্ছনে গ্রহণ কৰিছিল সেই দৃশ্যাৱলী আৰু আমি দেখুৱাইছিলোঁ টেলিভিছনত বোমা বিস্ফোৰণৰFrist Visual৷ মুহূর্তৰ ভিতৰতে আমাৰ ৪/৫জন সাংবাদিক কেমেৰা লৈ উপস্থিত হৈছিল বিস্ফোৰণস্থলীত৷ কেইমিনিটমানৰ পিছতে দেশৰ আৰু আন্তঃৰাষ্ট্রীয় সকলো টেলিভিছন চেনেলে এই বাতৰি সম্প্রসাৰৰ বাবে সহায় হৈছিল নিউজ লাইভৰ৷ সেই ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনা আছিল অতি ভয়ংকৰ৷ কিন্তু আমাৰ নতুন সাংবাদিকৰ দলটোৱে খুব সুন্দৰকৈ বিস্ফোৰণৰ বাতৰি সংগ্রহ কৰাৰ লগতে বিস্ফোৰণত আহতসকলক চিকিৎসা সেৱা লাভ কৰাত সহায়ো কৰিছিল৷ ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ ভয়ংকৰ ঘটনাটোৱে আমাৰ দলটোক দিছিল গভীৰ আত্মবিশ্বাস আৰু বৃত্তিগত দায়িত্ব, যিয়ে আমাক গঢ়ি তুলিছিল অদূৰ ভৱিষ্যতে এনে ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে৷
কোনো ধৰণৰ প্রতিদ্বন্দ্বী নোহোৱাকৈ বা বেলেগ টেলিভিছন চেনেলৰ পৰা কোনো ধৰণৰ প্রত্যাহ্বান পোৱা নাছিলোঁ যদিও নিউজ লাইভে নিজৰ বাবেই স্থাপন কৰিছিল এটা মাইলৰ খুঁটি৷ সাংবাদিকতাৰ সকলো নীতি অনুসৰণ কৰি টেলিভিছনৰ পর্দাত সঠিকভাৱে যিকোনো এটা বাতৰি সম্প্রচাৰ কৰাকৈ আমি প্রতি মুহূর্ততে আমাৰ দর্শকৰ সৈতে এটা আত্মিক সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সক্ষমো হৈছিলোঁ৷ নিত্য–নৈমিত্তিক বাতৰিৰ উপৰি নাৰী, শিশু আৰু বিনোদন জগতৰ বিভিন্ন বাতৰি আমি গুৰুত্বসহকাৰে সম্প্রচাৰ কৰিছিলোঁ আমাৰ বিয়লিৰ বুলেটিনত৷ আমাৰ উদ্দেশ্য আছিল ঘৰত থকা মহিলাসকলে যাতে টেলিভিছনৰ সন্মুখত বহিয়ে সুন্দৰকৈ কটাব পাৰে বিনোদনৰ সময়৷ তেতিয়াই আমাৰ বোধগম্য হৈছিল যে আমাৰ মহিলা দর্শকসকলৰ বাবে সংবাদ আৰু বিনোদনৰ সকলো বাতৰি লাভৰ প্রথম উৎস আছিল নিউজ লাইভ৷ তাৰ পিছতেই আমি ৰাজ্যৰ বিভিন্ন প্রান্তত বিহুৰ সময়ত বিভিন্ন অনুষ্ঠান আয়োজন কৰিবলৈ আৰম্ভ কৰিছিলোঁ৷ ব’হাগ বিহুৰ সময়ত বিভিন্ন সাংস্কৃতিক কার্যসূচী নিউজ লাইভত সম্প্রচাৰ কৰাৰো পৰিকল্পনা আগবাঢ়ি গৈছিল আৰু আমাৰ সেই পৰিকল্পনা খুব সফল হৈছিল আৰু ৰাইজে আঁকোৱালি লৈছিল৷ অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুক আমি অসমৰ পৰা নিউজ লাইভৰ জৰিয়তে লৈ গৈছিলোঁ বিশ্বৰ বিভিন্ন প্রান্তলৈ৷ ছিয়াচিন বা চেলাপাছত প্রচণ্ড শীতত কঁপি কর্তব্যত ব্রতী হৈ থকা আমাৰ অসমীয়া সেনা জোৱানে আমাক দিছিল সেই খবৰবোৰ৷ লণ্ডন কিম্বা নিউয়র্ক, কেৰিবিয়ান দ্বীপপুঞ্জ কিম্বা বিশ্বৰ বিভিন্ন প্রান্তত থকা প্রবাসী অসমীয়াই নিউজ লাইভৰ জৰিয়তে পাইছিল আপোনত্বৰ সুবাস৷ নিজৰ ঘৰত বহি প্রবাসী অসমীয়াই উপভোগ কৰিছিল হেঁপাহৰ ৰঙালী বিহু৷
খুব কম সময়ৰ ভিতৰতেই নিউজ লাইভ হৈ পৰিছিল অসমৰ আৰু অসমীয়াৰ অতি আপোন টেলিভিছন চেনেল৷ আমি নিউজ লাইভ আৰম্ভ কৰিছিলোঁ এটা উদীয়মান আৰু দায়িত্বশীল নতুন দলক লৈ৷ চাওঁতে চাওঁতে আমি আজি ১৫টা বছৰত ভৰি দিলোঁ, য’ৰ পৰা আমি গভীৰ সন্তুষ্টি, কৃতজ্ঞতা আৰু আশাৰে পিছলৈ ঘূৰি চাব পাৰো৷ আমাৰ দর্শকৰ পৰা লাভ কৰা মৰম, শুভাশিস আৰু সমালোচনাই আমাক অধিক দৃঢ় কৰিছিল আমাৰ অভিযানত৷ কেৱল বাতৰি সম্প্রচাৰৰ মাধ্যমেই নহয়, আমি মানুহৰ মুখত বিৰিঙাইছিলোঁ প্রাপ্তিৰ হাঁহি৷ কেইবা দশকৰ পূর্বে হেৰাই যোৱা নিজৰ আপোনজনক নিউজ লাইভে বিচাৰি উলিয়াই কৰাইছিল মহামিলন৷ জটিল ৰোগত আক্রান্ত লোকক সহায় কৰাৰ পৰা বিশেষভাৱে সক্ষম শিল্পীসকলক এখন উপযুক্ত মঞ্চ দিয়ালৈ আমি সর্বক্ষণতে সকলোৰে কাষত আছিলোঁ৷ বিভিন্ন প্রাকৃতিক দুর্যোগৰ সময়তো আমি ৰাইজলৈ আগবঢ়াইছিলোঁ সহায়ৰ হাত৷ মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীর্ণ হোৱা দৰিদ্র মেধাৱী শিক্ষার্থীৰ ভৱিষ্যৎ সমুজ্জ্বল কৰাৰ বাবে আমি পদক্ষেপ গ্রহণ কৰিছিলোঁ৷ বিগত ১৫টা বছৰে অসম আৰু অসমীয়াৰ মাজত নিউজ লাইভ কেৱল এটা চেনেল নহয়, নিউজ লাইভে আঞ্চলিক টেলিভিছন সাংবাদিকতাৰ জগতত নিজকে এটা ব্রেণ্ড হিচাপে প্রতিষ্ঠা কৰিছিল৷
ইতিবাচক খবৰ ৰুচিপূর্ণভাৱে পৰিৱর্তিত সময়ৰ লগত খাপ খুৱাই পৰিৱেশন কৰিবলৈ আমাৰ যি ধাৰণা আছিল সেয়া সফল আৰু সময়োপযোগী হিচাপে বিবেচিত হৈছিল আমাৰ দর্শকৰ বাবে৷ বাতৰিৰ ক্ষেত্রত আমি খুব সৰল আৰু নীতিগত পন্থা অৱলম্বন কৰিছিলোঁ৷ বিহুৰ পৰা ঈদলৈ, খ্রীষ্টমাছৰ পৰা দুর্গাপূজালৈ, দেৱালী সকলো উৎসৱতে নিউজ লাইভে আয়োজন কৰিছিল বিশেষ অনুষ্ঠানৰ আৰু এই অনুষ্ঠানসমূহৰ জৰিয়তে জাতি, ধর্ম, বর্ণ, নির্বিশেষে আমি আপোন হৈ পৰিছিলোঁ অসম আৰু অসমীয়াৰ মাজত৷ আমাৰ ১৫ বছৰীয়া যাত্রাত বিশেষ কিছু অনুষ্ঠান আৰু বাতৰিয়ে প্রকৃতার্থত নিউজ লাইভক অন্য টেলিভিছন চেনেলৰ তুলনাত ব্যতিক্রম ৰূপত প্রতিষ্ঠা কৰিছিল৷ বিটিআৰৰ হিংসাত্মক ঘটনাৰাজিৰ সময়ত আমাৰ সাংবাদিক আৰু কেমেৰা পার্ছনৰ দলে খুব স্পর্শকাতৰভাৱে সেই অঞ্চলসমূহৰ পৰা গণহত্যাৰ বাতৰি পুংখানুপুংখৰূপে সম্প্রচাৰ কৰিছিল৷ নেপালৰ ভয়াৱহ ভূমিকম্পৰ সময়ত আমাৰ নিউজ এডিটৰ সুনীল বৰা আৰু কেমেৰা পার্ছন নৱ পেগুৱে ঘটনাস্থলীত উপস্থিত হৈ নিউজ লাইভৰ পর্দাত দেখুৱাইছিল সেই ভয়ংকৰ প্রাকৃতিক দুর্যোগৰ ধ্বংসাৱশেষ৷ বানপানীৰ সময়ত এবুকু পানীত নামি বা নাওত উঠি আমাৰ সাংবাদিকে সম্প্রচাৰ কৰিছিল প্রতিটো বাতৰি আৰু এই উদ্যমে আমাক পৃথক কৰিছিল বাকী চেনেলৰ পৰা৷ আমেৰিকা, লণ্ডন, ছিংগাপুৰ, সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ প্রবাসী অসমীয়াই কেনেদৰে কটায় নিজৰ জীৱন নিউজ লাইভে বিচাৰি উলিয়াইছিল বিদেশত আপোন মানুহ৷
ব্যক্তিগতভাৱে নিউজ লাইভত আমিও এনে কিছুমান অনুষ্ঠান কৰিছিলোঁ, যিসমূহ অনুষ্ঠানে দর্শকৰ পৰা লাভ কৰিছিল সাংঘাতিক ইতিবাচক সঁহাৰি আৰু লগতে সেই অনুষ্ঠানসমূহে মোৰ হূদয়কো কৰিছিল আন্দোলিত৷ ২০১১ চনত কিষাণ উপাধ্যায়ে ৪০ বছৰৰ পিছত নিউজ লাইভৰ জৰিয়তে বিচাৰি পাইছিল নিজৰ হেৰুওৱা মাতৃ আৰু ভগ্ণীক৷ ‘মহামিলন’ হিচাপে মই কৰা এই অনুষ্ঠানটো অসমৰ সকলো ক্ষেত্রৰ দর্শকৰ বাবে হৈ পৰিছিল আলোচনাৰ বিষয়৷ ডিনাৰ টেবুলৰ পৰা ফুটপাথৰ চাহৰ দোকানলৈকে সকলোতে আলোচনা হৈছিল একেটাই প্রশ্ণ– কিষাণ উপাধ্যায়ে নিজৰ মাতৃক বিচাৰি পাবনে? সমগ্র ঘটনা প্রক্রিয়া আৰম্ভ হৈছিল আমাৰCMD ৰিণিকি ভূঞা শর্মাৰ এটা ফোন কলৰ পৰা৷ তেওঁ মোক সুধিছিল যে কেইবাদশক ধৰি নিজৰ মাতৃক বিচাৰি ফুৰা কিষাণক আমি কেনেবাকৈ সহায় কৰিব পাৰো নেকি? ফেচবুকৰ জৰিয়তে কিষাণ উপাধ্যায়ে যোগাযোগ কৰিছিল অসমৰ আৰক্ষী বিষয়া প্রণৱজ্যোতি গোস্বামী আৰু ৰাজেন সিঙৰ লগত৷ সৰু কালতেই এৰি থৈ অহা নিজৰ মাতৃক বিচাৰি পোৱাত সহায় কৰিবলৈ অনুৰোধ কৰিছিল কিষাণে৷ প্রণৱজ্যোতি গোস্বামী আৰু ৰাজেন সিঙৰ পৰা কিষাণৰ এই কাহিনী গম পাই মই সিদ্ধান্ত লৈছিলোঁ এটা অনুষ্ঠান কৰিবলৈ৷ নর্থ কেৰ’লিনাৰ ডাৰহামৰ পৰা স্কাইপৰ জৰিয়তে নিউজ লাইভৰ অনুষ্ঠানটোত উপস্থিত আছিল কিষাণ উপাধ্যায়৷ কিষাণ উপাধ্যায়ৰ কাহিনী আছিল বৰ আৱেগিক৷ তেওঁ আৰু তেওঁৰ ভগ্ণী (সেই সময়ত ভগ্ণীৰ নামো পাহৰি পেলাইছিল কিষাণে) মাতৃৰ পৰা বিচ্ছিন্ন হৈছিল গুৱাহাটীত৷ তেতিয়া কিষাণ আছিল ৪ বছৰীয়া৷ কিষাণৰ মাত্র এটা কথাই মনত আছিল যে তেওঁৰ পিতৃ আছিল আৰক্ষী বিভাগত কর্মৰত৷ পিতৃৰ নাম ইন্দ্রলাল উপাধ্যায় বা ইন্দ্রপ্রসাদ উপাধ্যায় আৰু মাতৃৰ নাম আছিল সম্ভৱতঃ মতি দেৱী৷ এনেধৰণৰ কিছুমান টুকুৰা খবৰ আৰু কিষাণৰ কিছুমান লুপ্তপ্রাপ্ত স্মৃতি লৈ মই আৰম্ভ কৰিছিলোঁ আমাৰ প্রাইম টাইম বুলেটিন৷ মোৰ গভীৰ বিশ্বাস আছিল কিষাণক তেওঁৰ পৰিয়ালৰ লগত মই মহামিলন কৰোৱাই দিব পাৰিম৷ মোৰ সেই বিশ্বাস উপজিছিল আমাৰ দর্শকৰ সঁহাৰিৰ পৰা৷ কিষাণ উপাধ্যায় ডাৰহামৰ পৰা পোনপটীয়া সম্প্রচাৰত আছিল মোৰ লগত৷ ষ্টুডি’ত আছিল প্রণৱজ্যোতি গোস্বামী আৰু ৰাজেন সিং৷ মই ফোনলাইন মুকলি কৰি দি আমাৰ দর্শকৰ এই সমগ্র ঘটনা সন্দর্ভত মতামত আৰু তথ্য বিচাৰিছিলোঁ৷ নিউজ লাইভত কৰা মোৰ অনুষ্ঠানটোৰ পিছতেই পিছদিনা পুৱা আমালৈ খবৰ আহিছিল কিষাণৰ দুজন আত্মীয়ৰ পৰা৷ চল্লিশ বছৰীয়া এটা বিচ্ছেদৰ কাহিনীক মহামিলনৰ দিশে লৈ যোৱাৰ প্রথমটো পদক্ষেপ৷ মোৰ দ্বিতীয়টো শ্ব’ত কিষাণৰ মাতৃৰ আত্মীয় জয়ন্তী দেৱী আৰু বলোৰাম শর্মাই নিউজ লাইভৰ জৰিয়তে কিষাণৰ লগত কথা পতাৰ লগে লগেই আৰু এখোজ আগুৱাইছিলোঁ আমাৰ অন্বেষণৰ অভিযানত৷
‘তেওঁৰ নাম মতি দেৱী নহয়, তেওঁৰ নাম আছিল উমতি দেৱী আৰু কিষাণৰ ভগ্ণীৰ নাম আছিল মায়া দেৱী’৷ সেই সময়ত কিষাণৰ মাতৃ আছিল নেপালত৷ আৰু দুই–এদিনৰ ভিতৰতেই মই তেওঁৰ বিষয়ে সবিশেষ গম পাম৷’ মোৰ অনুষ্ঠানত এনেদৰে কিষাণক কৈছিল বলৰাম আৰু জয়ন্তী দেৱীয়ে৷ দুদিনৰ পিছত এই সকলোখিনি একপ্রকাৰ সমাধানৰ দিশত আগবাঢ়িছিল৷ কিষাণৰ ভগ্ণী মায়া দেৱীক আমি বিচাৰি উলিয়াইছিলোঁ তিনিচুকীয়াৰ বাহাদুৰ চাহ বাগানত৷ তিনিটা সন্তানৰ মাতৃ আছিল মায়া দেৱী৷ তাৰ পিছতে আমাৰ অভিযান আৰম্ভ হৈছিল কাঠমাণ্ডুত কিষাণৰ মাতৃক বিচাৰি৷ অৱশেষত কাঠমাণ্ডুৰ পৰা ছঘণ্টাৰ দূৰত্বত এখন ভিতৰুৱা গাঁৱত আমি উমতি দেৱীক বিচাৰি উলিয়াইছিলোঁ৷ টেলিভিছনত নিজৰ হেৰুওৱা পুত্রক লগ পাবলৈ সাজু হৈছিল উমতি দেৱী৷ সুদূৰ ডাৰহামত সাংঘাতিক উৎসুক হৈ আছিল কিষাণ উপাধ্যায়৷ অনুৰোধ কৰিছিল কেনেবাকৈ ৱেবকেম ব্যৱস্থাৰ জৰিয়তে মাতৃক টিভিৰ পর্দাত দেখুৱাব পাৰিব নেকি বা কেইখনমান ফটো তেওঁলৈ মেইল কৰি দিব পাৰিব নেকি? পিছদিনা সন্ধিয়া নিউজ লাইভৰ তৃতীয়টো অনুষ্ঠানলৈকে এই ৰহস্য ভেদ হোৱা নাছিল৷ খুব সম্ভৱ তৃতীয়টো বা চতুর্থটো অনুষ্ঠানতে টেলিভিছনৰ পর্দাত মহামিলন হৈছিল কিষাণ উপাধ্যায়, তেওঁৰ মাতৃ আৰু ভগ্ণীৰ৷ উমতি দেৱী আছিল কাঠমাণ্ডুৰ পৰা, ডাৰহামৰ পৰা স্কাইপত আছিল কিষাণ আৰু তিনিচুকীয়াৰ পৰা আমাৰ সাংবাদিকৰ লগত মায়া দেৱী৷ টেলিভিছনৰ পর্দাতেই দেখা পাইছিল ইজনে সিজনক৷ সেইদিনাই কিষাণে কথা দিছিল অসমলৈ আহি মাতৃ উমতি দেৱীক লগ কৰিব আৰু তেওঁক কাঠমাণ্ডুৰ পৰা লৈ আহিব৷ চাৰি বছৰ বয়সতে অসমত মাতৃৰ পৰা বিচ্ছিন্ন হৈ কাঠমাণ্ডুৰ ৰাজপথত ভিক্ষা খুজি পেট প্রৱর্তোৱা কিষাণ উপাধ্যায় তেতিয়া আমেৰিকাত আছিল এজন কম্পিউটাৰ ইঞ্জিনীয়াৰ হিচাপে৷
প্রতিশ্রুতিমর্মে কেইমাহমানৰ পিছতে নিউজ লাইভৰ ষ্টুডি’ত উপস্থিত হৈছিল কিষাণ উপাধ্যায়, উমতি দেৱী আৰু মায়া দেৱী৷ নিউজ লাইভৰ ষ্টুডি’ত হৈছিল মাতৃ, পুত্র, ভগ্ণী, ভাতৃৰ মহামিলন৷ নিউজ লাইভৰ সমূহ কর্মকর্তাৰ লগতে অসমৰ দর্শক সাক্ষী হৈছিল এই সুখৰ আৱেগিক সময়ৰ আৰু অনুষ্ঠানটোৰ আঁত ধৰোঁতা হিচাপে মই হৈ পৰিছিলোঁ সাংঘাতিক আৱেগিক৷
এই অনুষ্ঠানৰ পিছতেই অসমৰ বিভিন্ন প্রান্তৰ পৰা নিউজ লাইভলৈ ফোন আহিছিল বিভিন্ন দর্শকৰ৷ বহু পৰিয়ালে ফোন কৰি অনুৰোধ কৰিছিল তেওঁলোকৰ বিচ্ছিন্ন আত্মীয়ৰ সৈতে মিলন কৰোৱাই দিয়াৰ বাবে৷ আমিও কথা দিছিলো তেওঁলোকক সহায় কৰাৰ আৰু নিউজ লাইভৰ বিভিন্ন অনুষ্ঠানত আমি কৰিছিলো তেওঁলোকৰ মহামিলন৷
এই কাহিনীৰ পুংখানুপুংখ বিৱৰণীৰ উদ্দেশ্য এই যে যদি ইতিবাচক বিষয়বস্তু খুব কর্তব্যনিষ্ঠা আৰু আত্মীয়তাৰে টেলিভিছনৰ পর্দাত উপস্থাপন কৰা হয়, তেনেহ’লে দর্শকে সাদৰেৰে সেই সকলো অনুষ্ঠান গ্রহণ কৰে৷ নিউজ লাইভৰ সৈতে থকা দর্শকৰ এই মৰমৰ এনাজৰীৰে আজিও আমি বান্ধ খাই আছোঁ৷ আমি কথা দিছোঁ আমি আমাৰ দায়িত্বৰ পৰা কেতিয়াও পিছ হুঁহকি নাযাওঁ৷ দর্শকৰ মৰম, আদৰ আৰু আস্থাক আমি সদায় সন্মান সহকাৰে আগুৱাই লৈ যাম৷
ৰাইজৰ অহর্নিশ নিৰীক্ষণত আমাৰ যাত্রা বহু উত্থান–পটনৰ যাত্রা৷ কিন্তু দর্শকৰ পৰা লাভ কৰা সমর্থন, মৰম আৰু শুভাশিসেৰে আমি আজিও সংপৃক্ত আৰু জীপাল৷ কোটি কোটি জনতাৰ বিশ্বাসৰ কণ্ঠ হ’বলৈ বিচাৰোঁ আমি৷
জনপ্রিয়তাৰ শীর্ষত নিউজ লাইভ
নিউজ লাইভৰ কার্যালয়ৰ সন্মুখত মাছৰ বজাৰৰ দৰেই হুলস্থূলীয়া পৰিৱেশ৷বহুকেইগৰাকী ক্ষুব্ধ মহিলাই নিউজ লাইভৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক বাতৰি পৰিৱেশনৰ অভিযোগ তুলি প্রতিবাদ সাব্যস্ত কৰিছিল৷ প্রকৃততে কি কাৰণে তেওঁলোকে এই পৰিৱেশ সৃষ্টি কৰিছিল আমি তেতিয়ালৈকে একো ভু পোৱা নাছিলোঁ৷ প্রতিবাদৰ কাৰণৰ উমান ল’বলৈ আমি যিমানেই চেষ্টা কৰিছিলোঁ মহিলাসকলে সিমানেই উগ্রমূর্তি ধাৰণ কৰিছিল৷ বহু কাকূতি–মিনতি কৰাৰ পাছত একাংশ মহিলাই আমাক কিয় প্রতিবাদ কৰিছিল, ইয়াৰ কাৰণ কৈছিল৷ তেওঁলোকৰ কথা ভালকৈ শুনাৰ পাছত আমি অৱগত হৈছিলোঁ যে নিউজ লাইভত সম্প্রচাৰিত নোহোৱা তথা আন এটা চেনেলে সম্প্রচাৰ কৰা এটা বিতর্কিত বাতৰি সন্দর্ভত ভুল বুজাবুজিৰ বাবেই হৈছিল এই প্রতিবাদ৷ ইয়াৰ পাছত ভুল বুজাবুজি আঁতৰাত হঁাহিমুখে নিউজ লাইভ কার্যালয়ৰ সন্মুখৰ পৰা আঁতৰি গৈছিল মহিলাসকল৷ অৱশ্যে এই খেলিমেলিৰ বাবে ক্ষমাও খুজিছিল প্রতিবাদী মহিলাসকলে৷ ‘আমাৰ কাৰণে টেলিভিছন বাতৰি মানে নিউজ লাইভ আৰু সেয়েহে এই ভুল বুজাবুজি হ’ল৷PLEASE DON’T MIND–আঁতৰি যোৱাৰ পূর্বে এইদৰেই কৈ গৈছিল এগৰাকী প্রতিবাদী ভদ্র মহিলাই৷ আজি আমি নিউজ লাইভৰ ১৫ সংখ্যক বর্ষপূর্তি উদ্যাপন কৰিছেছা৷ নিউজ লাইভ এটাBRANDলৈ ৰূপান্তৰ হোৱা এই যাত্রাক লৈ আমি গৌৰৱান্বিত৷ অসমৰ বহু লোকৰ বাবে টেলিভিছন চেনেল মানেই নিউজ লাইভ৷ ৰাজ্যৰ যিকোনো অঞ্চলতে সংঘটিত যিকোনো ঘটনাৰ বাবে ৰাইজে এতিয়াও প্রথমে নিউজ লাইভলৈ ফোন কৰকবা নিউজ লাইভ আহিলনে বুলিয়েই সোধে৷
চকুৰ সন্মুখতে নিজৰ চেনেলটোৱে বিশাল ৰূপ লৈ এট BRAND লৈ ৰূপান্তৰ হোৱা আৰু ন্যায়োচিতভাৱে ১ নম্বৰ স্থান দখল কৰি থকাটো দেখি মন প্রসন্ন হৈ উঠে৷
- আমিTRP (টেলিভিছন ৰেটিং পইণ্ট)ৰ তালিকাখন পালোনে টনী? DIGITAL HEAD, NEWS LIVE—
- হয়, পালোঁ, কিন্তু এইবাৰ বৰ ভাল নহয়৷
- Oh no, কিয়, কি হ’ল?
- যোৱা সপ্তাহত অসমৰ ৫টা নিউজ চেনেলৰTRP যোগ কৰিও আমাৰTRPৰ সমান হোৱা নাছিল৷ কিন্তু এই সপ্তাহত ৪টা চেনেলৰTRPতকৈ আমাৰ ১ পইণ্ট কম৷
- কি কিCHUNK (সময়সূচী)ত আমাৰTRP কমিছে চোৱা…. লগে লগে প’ষ্টমর্টেম আৰম্ভ আৰু TRP DATA) সূক্ষ্ম বিশ্লেষণ কৰে তন্ময়ে৷ প্রতিটো মুহূর্তৰ, প্রতিটো মিনিটৰVIEWERSHIP RATINGৰ পুংখানুপুংখ পর্যালোচনা চলে৷
অধিকাংশ ভাৰতীয় টেলিভিছন চেনেলৰ সম্পাদকৰ বাবে বৃহস্পতিবাৰৰ দিনটো হৈ পৰে উদ্বিগ্ণতাৰে ভৰা৷ বহুতৰ বাবে ই এটা নিৰস দিন৷ কিয়নো বৃহস্পতিবাৰে ৰাতিপুৱা টেলিভিছনৰ সাপ্তাহিক ৰেটিং পইণ্টৰ ডাটা ৰাজহুৱা হয়৷ সাপ্তাহিক ৰেটিঙে টেলিভিছন চেনেলটোৰ MOOD’ নির্ধাৰণ কৰে৷ বিগত সপ্তাহত কিমানVIEWERSHIP চেনেলটোৱে পালে তাৰ ওপৰত নির্ভৰ কৰে চেনেলটোৰ MOOD’ আনন্দৰ হ’ব নে ডাৱৰীয়া হৈ থাকিব…
কিন্তু নিউজ লাইভৰ বাবে এই ৰেটিং পইণ্টৰ তালিকাত ৰাজত্ব কৰাটো এটা অভ্যাসত পৰিণত হ’ল৷ ৰাজ্যত সবাতোকৈ বেছিকৈ চোৱা আৰু সর্বাধিকTRP থকা নিউজ চেনেল তথা ২০০৯ চনত ভাৰতীয় টেলিভিছন চেনেলসমূহৰ কাৰণেTRP পদ্ধতি আৰম্ভণি হোৱাৰে পৰা উত্তৰ–পূবৰ অপ্রতিদ্বন্দ্বী হৈ বাতৰি সম্প্রচাৰৰ ক্ষেত্রখনত নেতৃত্ব বহন কৰি আহিছে নিউজ লাইভে৷ একাংশই ক’বলৈ বিচাৰে নিউজ লাইভ পক্ষপাতিত্বমূলক আৰু ভুল পথেৰে আগবাঢ়িছে৷ কিন্তু তেওঁলোকে পাহৰি যায় যে সদায়েই নিউজ লাইভে কেতিয়াবা সূক্ষ্ম বা কেতিয়াবা বিনা প্রতিদ্বন্দ্বিতাৰেTRPৰ আৰম্ভণিৰে পৰা শীর্ষ স্থান দখল কৰি আছে কেনেকৈ?
কোৱা হয় যে আপুনি যেতিয়া কোনো এটা কাম একাগ্রতাৰে দীর্ঘদিন ধৰি কৰি থাকে আপুনি নিশ্চিতভাৱে যোগাত্মক ফল লাভ কৰিব৷ সপ্তাহৰ পাছত সপ্তাহ, মাহৰ পাছত মাহ…বছৰৰ পাছত বছৰ… শীর্ষ চেনেল তথা নেতৃত্ববহনকাৰী হৈ থকাৰ পাছতো নিউজ লাইভ টীমৰ শক্তি আৰু দায়িত্ববোধ তিলমানো হ্রাস পোৱা নাই৷ এই সফলতাৰ মন্ত্র অতি সৰল– আত্মসন্তুষ্টি নল’বা আৰু কেৱল একাগ্রতা তথা পূর্ণশক্তিৰে কাম কৰি যোৱা৷ জীৱনত সকলো সাংবাদিকৰ কাৰণে এটা শিক্ষা হ’ল যে জীৱনত কঠোৰ পৰিশ্রম অবিহনে সফলতা লাভ কৰাটো অসম্ভৱ৷ লাগিলে আপুনি যিমানেই প্রতিভাসম্পন্ন আৰু সফল নহওক কিয়? চাহ দিয়া ল’ৰাজনৰ পৰাTECHNICAL HEADজনলৈ, সাংবাদিকৰ পৰা সম্পাদকলৈ,CEOৰ পৰাCMDলৈ সকলোৱেই নিউজ লাইভৰ প্রসাৰ আৰু ৰেটিং বৃদ্ধিত অৰিহণা যোগাই আহিছে৷ আমাক প্রশ্ণ কৰে, কিয় আৰু কেনেকৈ নিউজ লাইভে ধাৰাবাহিকভাৱে উত্তৰ–পূবৰ ১ নম্বৰ চেনেলৰ স্থান দখল কৰিবলৈ সক্ষম হৈ আহিছে৷ এয়া কোনোROCKET SCIENCE নহয় আৰু ইয়াৰ উত্তৰটো একেবাৰে সৰল– দর্শকৰPULSE আৰু মানসিকতাক বুজি পোৱা তথা সন্মানীয় দর্শকক লঘুভাৱে নোলোৱাটোৱে এটা চেনেলৰTRP CHARTত শীর্ষস্থান ধাৰাবাহিকভাৱে অক্ষুণ্ণ ৰখাত কটকটীয়া কৰে৷
দর্শকৰ ৰুচিবোধ বুজি পোৱাৰ লগতে মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে সম্পাদকীয় স্বাধীনতাTRPত শীর্ষস্থান অটুট ৰখাৰ বাবে প্রয়োজনীয় আন এটা মহত্ত্বপূর্ণ উপাদান৷PRIDE EASTৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা এগৰাকী সুদক্ষ পেছাদাৰী ব্যক্তিত্ব আৰু মোৰ মনত থকাৰে পৰা বিগত ১৫ বছৰত তেওঁ সম্পাদকীয় সিদ্ধান্তত কেতিয়াও হস্তক্ষেপ কৰা নাই৷TRPৰ তালিকাত নিউজ লাইভে নিজৰ দপ্দপনি অটুট ৰখাত ই এক বিশেষ সহায়কাৰী উপাদান ৰূপে পৰিগণিত হৈছে৷ বাতৰি আৰু অনুষ্ঠানৰ উপৰি আমাৰ কাৰিকৰীTEAM আৰু আন্তঃগাঁথনি যথেষ্ট উন্নতমানৰ৷TVSCREENৰ সুস্পষ্ট দৃশ্যৰ পৰা উন্নতমানৰ শ্রব্যলৈ বিশ্বৰBROADCAST MEDIA (সম্প্রচাৰ মাধ্যম)ত সংযোজন ঘটা কাৰিকৰী উন্নতিৰ ক্ষেত্রত নিউজ লাইভে সদায় নিজকে সাজু কৰি ৰাখে৷ নিউজ লাইভ অবিসম্বাদী নেতৃত্ববহনকাৰী চেনেল হৈ থকাৰ মূলতে ইয়াৰ প্রতিভাসম্পন্ন আৰু সমর্পিত কাৰিকৰী টীমো এক মুখ্য সমল৷
আমি বিশ্বাস কৰোঁ যোগাত্মক বাতৰি আৰু অনুষ্ঠান content) আৰু আৱেগৰ বশৱর্তী নোহোৱাকৈ নিৰপেক্ষ বাতৰি পৰিৱেশন কৰাটোৱে দর্শকক আকৃষ্ট কৰাৰ মূলমন্ত্র৷
বিগত ১৫ বছৰ ধৰি দর্শকে আমাক প্রথম পছন্দৰ চেনেল ৰূপে গ্রহণ কৰাৰ ক্ষেত্রত আমাৰ কেতবোৰ বিশেষ অনুষ্ঠান আৰু বাতৰি সম্প্রচাৰৰ বিষয়ে উল্লেখ নকৰিলে মই অন্যায় কৰা হ’ব৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মহাপ্রয়াণৰ সময়ত মুম্বাইৰ পৰা গুৱাহাটীলৈ ১০০ ঘণ্টা একেৰাহে বাতৰি সম্প্রচাৰ অৱশ্যে নিউজ লাইভৰ বৃহৎ সম্প্রচাৰসমূহৰ ভিতৰত অন্যতম৷ সুনীল বৰাই মুম্বাইৰ পৰা লাইভত এই দুখৰ খবৰটো ব্রেক কৰাকে ধৰি ভাৰতৰত্নগৰাকীৰ অন্ত্যেষ্টিক্রিয়ালৈকে আৰু জজ খেলপথাৰৰ পৰা জালুকবাৰীলৈ তেওঁৰ অন্তিম যাত্রাৰ অবিৰত সম্প্রচাৰ পেছাদাৰী সাংবাদিকতাৰ অন্যতম উপলব্ধি৷
আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে চীন–ম্যানমাৰ সীমান্তৰ কোনো এক অজ্ঞাত স্থানৰ পৰা ছায়ামণি ভূঞাৰ সাহসী মুখামুখি সাক্ষাৎকাৰ পেছাদাৰী সাংবাদিকতাৰ এক বৃহৎ সফলতা বুলি গণ্য কৰিব পাৰি৷ প্রবাসী অসমীয়া সমাজৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান বিদেশৰ পৰা সম্প্রচাৰ কৰাটোৱে নিউজ লাইভৰcontentৰ বিবিধতাত অৰিহণা যোগাইছে৷ গুৰুতৰভাৱে অসুস্থ শিশুৰ আৰু বয়স্ক ৰোগীৰ চিকিৎসাৰ কাৰণে বৰঙণি সংগ্রহৰ বাবে নিউজ লাইভৰ লাইভ অনুষ্ঠানসমূহধ্বজাব্ অনুষ্ঠান ৰূপে প্রশংসিত হৈ আহিছে৷ অর্থনৈতিকভাৱে পিছপৰা মেধাৱী ছাত্র–ছাত্রীসকলৰ উচ্চশিক্ষাৰ হকে বৰঙণি সংগ্রহৰ বাবে সম্প্রচাৰিত লাইভ অনুষ্ঠানসমূহ নিউজ লাইভৰ ড্রেডমার্ক৷ শিশুসকলৰ বাবে আমি সম্প্রচাৰ কৰা অগণন অনুষ্ঠান আমি পাহৰিলে নহ’ব– গুগল বয় কৌটিল্য পণ্ডিতৰ সৈতে হোৱা লাইভ শ্ব’সমূহে সকলো শ্রেণীৰ দর্শকক আপ্লুত কৰিছিল৷ বিশেষভাৱে সক্ষম পদপথৰ গায়ক–গায়িকাসকলক্ লৈ আমি অনুষ্ঠিত কৰা লাইভ অনুষ্ঠানসমূহৰ লগত জড়িত দায়িত্বৰ কথা পাহৰিব নোৱাৰিম৷ এনেধৰণৰ অনুষ্ঠানে চেনেলটোক দর্শকৰ সন্মান আৰু শুভ–ইচ্ছাৰে ধনী কৰাত সহায়ক হৈছে৷ কিন্তুTRP কিয় প্রয়োজনীয় আৰু ৰেটিঙৰ বাবে কিয় চলে প্রতিদ্বন্দ্বিতা?TRP হৈছে এটা চেনেলে দর্শকক কিমান সঘনাই আৰু কিমান সময় ধৰি কিমানজন দর্শকক আকৃষ্ট কৰি ৰাখিছে তাৰেই এক সম্যক ধাৰণা দিয়া সূচকাংক৷ সহজ ভাষাতTRPৰ এটা চেনেলৰ এটা অনুষ্ঠান কিমান সময় ধৰি কিমানজন দর্শকে উপভোগ কৰিছে সেয়া নির্ধাৰণ কৰে– এটা চেনেল বা এটা অনুষ্ঠানৰ জনপ্রিয়তা আৰু ভিউৱার্ছশ্বীপ নির্ধাৰণ কৰা আহিলা৷ আয় অবিহনে এটা চেনেল চলাই থকাটো অসম্ভৱ আৰু চেনেলটোৰ আয় নির্ভৰশীল বিজ্ঞাপনদাতাসকলৰ্ ওপৰত৷TRP-এ এটা চেনেল বা এটা অনুষ্ঠান দর্শকে কিমান আদৰি লৈছে অথবা টিভিত দর্শকে কি চাই আমোদ পাইছে ইয়াৰ ধাৰণা বিজ্ঞাপনদাতাসকলক্ দিয়ে৷ ইয়াৰ জৰিয়তে বিজ্ঞাপনদাতাসকলে নির্ধাৰণ কৰে তেওঁলোকৰ বিজ্ঞাপন কোনটো চেনেলত কোনটো অনুষ্ঠানৰ বাবে সম্প্রচাৰ কৰিব৷ নিউজ ৰুমৰ মোৰ সহকর্মীসকলক বজ্রকঠিন একাগ্রতা আৰু উৎসাহৰ বাবেই আমি সদায CHARTTOPPER৷ শেষত বিশ্বৰ চুকে–কোণে থকা নিউজ লাইভৰ দর্শকসকলৰ আশীর্বাদ আৰু সহযোগিতাৰ বাবে তেওঁলোকক শতকোটি ধন্যবাদ৷
- চৈয়দ জাৰিৰ হুছেইন, লেখক: নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক