নিয়মীয়া বাৰ্তা,২৮ জানুৱাৰী:ঝাৰখণ্ডৰ ধনবাদৰ এখন চিকিৎসালয়ৰ আৱাসিক এলেকাত শনিবাৰে এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।এই অগ্নিকাণ্ডত ডাক্তৰ দম্পতি সহ পাঁচজন লোকৰ মৃত্যুূ হয়।আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰে জনোৱা মতে , নিহতসকলৰ ভিতৰত ডাঃ বিকাশ হাজাৰা,তেওঁৰ পত্নী ডাঃ প্ৰেমা হাজাৰা,তেওঁলোকৰ গৃহকৰ্মী তৰা,মালিকৰ এজন ভতিজা আৰু অন্য এজন ব্যক্তি মৃত্যুমুখত পৰে।ইয়াৰ উপৰিও আন এজন লোক অগ্নিদগ্ধ হয় আৰু তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।বিষয়াসকলৰ তথ্য অনুসৰি,শ্বাসৰুদ্ধ হৈ লোককেইজনৰ মৃত্যু হয়।ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত আঠখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাই।
Prev Post
You might also like