কলম্বিয়াই ভাৰতলৈ প্রেৰণ কৰিব ড্রাগ্ছ মাফিয়া এছকোবাৰৰ জলহস্তী
নিয়মীয়া বাৰ্তা, ৪ মার্চ: কলম্বিয়াত নিহত ড্রাগ্ছ মাফিয়া পাবলো এছকোবাৰৰ ব্যক্তিগত চিৰিয়াখানাৰ জলহস্তী এইবাৰ ভাৰত আৰু মেক্সিকোলৈ প্রেৰণৰ প্রস্তাৱ দিছে কলম্বিয়া চৰকাৰে৷ ৮০ৰ দশকত কলম্বিয়াৰ ড্রাগ্ছ সাম্রাজ্যৰ কুখ্যাত ডন এছকোবাৰে নিজৰ ব্যক্তিগত চিৰিয়াখানাৰ বাবে আফ্রিকাৰ পৰা চাৰিটা জলহস্তী আনিছিল৷ ১৯৯৩ত আমেৰিকা আৰু কলম্বিয়াৰ সেনাৰ যৌথ অভিযানত নিহত হয় এছকোবাৰ৷ ইয়াৰ পাছতে মেডেল্লিং চহৰৰ সমীপৱর্তী সেই ব্যক্তিগত চিৰিয়াখানাৰ পৰা জীৱ–জন্তুবোৰক এৰি দিয়া হয় যদিও চাৰিওটা জলহস্তীয়ে আশ্রয় লয় কিছু দূৰৈৰ জলাশয়ত৷ বিগত তিনি দশকত চাৰিটাৰ পৰা গৈ জলহস্তীৰ সংখ্যা হৈছে ৭৫টা৷ কলম্বিয়াৰ প্রধান নদী মেগডেলেনাৰ প্রায় ২০০ কিলোমিটাৰ অৱবাহিকা অঞ্চল এতিয়া এই জলহস্তীবোৰৰ কবলত আছে৷ জলহস্তীৰ আক্রমণত সঘনে গবাদি পশুৰ মৃত্যু হৈছে৷ আনকি আক্রান্ত হ’বলগীয়া হৈছে মানুহো৷ আফ্রিকাৰ বিশালকায় জলহস্তীৰ ইমান বৃহৎ জাক পৃথিৱীৰ ক’তো নাই৷ গতিকে, কলম্বিয়াই ভাৰত আৰু মেক্সিকোলৈ এই জলহস্তীবোৰ স্থানান্তৰিত কৰিব বিচাৰিছে৷ ইতিমধ্যে দুয়োখন দেশৰ সৈতে কলম্বিয়া চৰকাৰে এই বিষয়টোক লৈ চুক্তিও কৰিছে৷ অৱশ্যে ভাৰতে কিমানটা জলহস্তী আনিব, সেয়া এতিয়াও স্পষ্ট কৰা নাই৷