নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ পৰা তেল আমদানিত অভিলেখ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: ইউক্রেইনত আগ্রাসন চলোৱাৰ ‘অপৰাধ’ত ৰাছিয়াৰ তেল আমদানি বন্ধ কৰিছে ইউৰোপৰ দেশসমূহে৷ এনে অৱস্থাত বজাৰ ধৰি ৰাখিবলৈ সস্তা দৰত তেল ৰপ্তানি কৰাৰ সিদ্ধান্ত লয় ৰাছিয়াই৷ ইয়াৰ সুযোগ লাভ কৰে ভাৰতে৷ অতি দ্রুত গতিত ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰি বিশ্বৰ ভিতৰতে দেশখনৰ পৰা অধিক তেল সৰবৰাহকাৰী ৰাষ্ট্র হিচাপে চিহ্ণিত হয়৷ পৰিসংখ্যা অনুসৰি ভাৰতে ৰাছিয়াৰ পৰা যিমান পৰিমাণৰ খাৰুৱা তেল আমদানি কৰে, সেয়া মুঠ প্রয়োজনৰ এক তৃতীয়াংশৰো বেছি৷ বর্তমান ৰাছিয়াৰ খাৰুৱা তেলে ভাৰতৰ বজাৰৰ ৩৪ শতাংশ দখল কৰি আছে৷ যোৱা মার্চ মাহত প্রতিদিনে ৰাছিয়াৰ পৰা ভাৰতে ১০,৬৪,০০০ বেৰেল খাৰুৱা তেল আমদানি কৰিছে৷

You might also like