এটা চুমাক লৈ বিশ্বজুৰি আলোড়ন: তীব্র প্রতিক্রিয়াৰ অন্তত দুখ প্রকাশ কৰি ক্ষমা খুজিলে দালাই লামাই
- তিব্বতীয় আধ্যাত্মিক গুৰু দালাই লামাই শিশু ল’ৰা এজনক চুমা খোৱা ভিডিঅ’ ভাইৰেল
নিয়মীয়া বাৰ্তা, ১১ এপ্রিল: এটা চুমাক লৈ বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছে৷ তিব্বতীয় আধ্যাত্মিক ধর্মগুৰু শান্তিৰ ন’বেল বিজয়ী দালাই লামাই শিশু ল’ৰা এটাক চুমা খোৱাৰ ভিডিঅ’ এটা ছ’চিয়েল মিডিয়াত প্রচাৰ হোৱাৰ পাছতেই বিশ্বজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ প্রতিক্রিয়াই এনে ৰূপ পাইছে যে অৱশেষত শান্তিৰ ন’বেল বিজয়ী আধ্যাত্মিক ধর্মগুৰু দালাই লামাই দুখ প্রকাশ কৰি ক্ষমা খুজিলে৷ মৰমৰ চুমা এটা আপত্তিজনক পর্যায়লৈ পর্যবসিত হৈ পৰাৰ পাছতেই লামাই বিবৃতিযোগে শিশু ল’ৰাটোৰ পৰিয়ালবর্গক ক্ষমা প্রার্থনা জনায়৷ তিব্বতীয় ধর্মগুৰু লামাই এটা শিশু ল’ৰাক কোলাত বহুৱাই লৈ চুমা খোৱাৰ পাছত লামাই তেওঁৰ জিভাত শিশুটিক চুমা খাবলৈ দিয়া ভিডি’টোৱে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰে৷ এই ভিডিঅ’ প্রচাৰ হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত লামাৰ কার্যকলাপক লৈ তীব্র বিতর্কৰ সূত্রপাত ঘটাৰ লগতে অনেকজনে ধর্মীয় গুৰুজনক শিশু ল’ৰাটোক লৈ কৰা কার্যক গৰিহণা জনাইছে৷ ভিডিঅ’টোক লৈ বিতর্কৰ সৃষ্টি হোৱাৰ পাছত দালাই লামাৰ অফিচিয়েল টুইটাৰত বিবৃতিযোগে প্রকাশ কৰি কয় যে ধর্মগুৰুগৰাকীয়ে তেওঁৰ কার্যকলাপৰ বাবে দুখ প্রকাশ কৰি আঘাত পাইছে৷ শিশু ল’ৰাটোক ক্ষমা খোজাৰ লগতে তেওঁৰ পৰিয়ালবর্গ আৰু বিশ্বজুৰি থকা বন্ধুসকলকো ক্ষমা খুজিছে৷ অৱশ্যে টুইটাৰত ধর্মগুৰুগৰাকীয়ে জনতাৰ সৈতে অতি আৱেগিক আৰু নিষ্পাপ সম্পর্ক বর্তাই ৰাখি আলাপ কৰে বুলিও প্রকাশ কৰা হৈছে৷ ভিডিঅ’টোত শান্তিৰ ন’বেল বিজয়ী দালাই লামাই তেওঁৰ জিভাখন উলিয়াই কোলাত বহি থকা শিশু ল’ৰাটোক চুমা খাবলৈ কোৱা বিষয়টো স্পষ্ট হৈছে৷ অৱশ্যে পাছলৈ শিশু ল’ৰাটোৱে লামাক প্রার্থনা জনোৱাও দেখা গৈছে৷ শিশু ল’ৰা এটাক চুমা খাই বিতর্কৰ মাজত সোমাই পৰা আধ্যাত্মিক গুৰু দালাই লামাই ইয়াৰ পূর্বে ২০১৯ চনত এগৰাকী মহিলাক তেওঁৰ উত্তৰসূৰী হিচাপে পালে সন্তুষ্টিৰ কথা ব্যক্ত কৰিছিল৷ আধ্যাত্মিক গুৰুজনে কৈছিল যে মহিলাগৰাকী অতি আকর্ষণীয় হোৱা উচিত৷ এই মন্তব্য কৰি পাছলৈ লামাই ক্ষমা খুজিবলৈ বাধ্য হৈছিল৷