নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কচুৰ উপকাৰিতা

* প্রচুৰ পৰিমাণে ভিটামিন এ থকাৰ বাবে চকুৰ বাবে খুবেই উপকাৰী৷ দৃষ্টিশক্তিৰ দুর্বলতা, কেটেৰেক্ট আদি হোৱাৰ পৰা চকুক ৰক্ষা কৰাত সহায় কৰে৷
* ৰক্তহীনতা anaemia) ৰোগত কচু উপকাৰী কাৰণ ইয়াত প্রচুৰ পৰিমাণে আইৰণ, ভিটামিন বি৬ আৰু ফলেট folate) থাকে৷
* কলেষ্টেৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়৷ ইয়াত থকা মিথিয়নিন methionine) আৰু আহে dietary fiber) কলেষ্টেৰল আৰু ট্রাইগ্লিচাৰাইড triglyceride) নিয়ন্ত্রণ কৰাত সহায় কৰে৷
* উক্ত ৰক্তচাপ আৰু হার্টৰ বিভিন্ন ৰোগত কচু শাক উপকাৰী৷ ইয়াত থকা পটাছিয়ামে ৰক্তচাপ নিন্ত্রয়ণত ৰাখে৷ আৰু ইয়াত থকা ভিটামিন বি৬এ হ’ম’চিষ্টিন– homocystine) নামৰ যৌগ বিধৰ নিয়ন্ত্রণ কৰি হার্টৰ বিভিন্ন ৰোগ আৰু ষ্ট্রোক stroke) হোৱাত বাধা প্রদান কৰে৷
* ইয়াত থকা কেলছিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে৷
* গর্ভীৱতী তিৰোতাই মাজে–সময়ে কচু শাক খাব লাগে৷ কাৰণ ইয়াত আইৰণ, ফলেট আছে যিয়ে ৰক্তহীনতা দূৰ কৰে৷ ইয়াৰ উপৰি ভ্রূণৰ স্বাভাৱিক বিকাশ আৰু স্নায়ুতন্ত্রৰ বিকাশত ইয়াত থকা ফলেট উপকাৰী৷
* ইয়াত থকা আঁহৰ বাবে ই কোষ্ঠকাঠিন্য আৰুIBS ৰোগত উপকাৰী৷
* প্রচুৰ পৰিমাণে ভিটামিন আৰু খনিজ লৱণ থকা বাবে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
* ভিটামিনৰ অভাৱত বা বীজাণু সংক্রমণজনিত মুখত ঘাঁ mouth ulcer) হ’লে কচু খালে সুফল পোৱা যায়৷ হালধি পাতত থুৰি কচু, জালুক কেইটামান, নহৰু কেইফুটামান, নেমুৰ আগ দুটামান দি জুইত সেকি পিটিকা কৰি খাব লাগে৷
* প্রসূতি তিৰোতাক মাগুৰ, শিঙি, গৰৈ, কাৱৈ আদি কাঠ মাছৰ লগত কচুথোৰৰ জালুকীয়া খাবলৈ দিয়া হয়৷ এইবিধ ব্যঞ্জনে প্রসূতিগৰাকীৰ শৰীৰত হিম’গ্লবিনৰ নাটনি হোৱাত বাধা দিয়ে আৰু লগতে গর্ভাশয়ক স্বাভাৱিক অৱস্থালৈ অনাত সহায় কৰে৷ তদুপৰি ইয়াত জালুক দিয়া হয় বাবে দুগ্ধ উৎপাদনত সহায় হয়৷ সাধাৰণতে কেঁচুৱা জন্মৰ ৩ বা ৫ দিনত কচুথোৰৰ জালুকীয়া খাবলৈ দিয়া হয়৷ ই সম্পূর্ণ বিজ্ঞানসন্মত ব্যঞ্জন৷

You might also like