ডায়েবেটিছ ৰোগীৰ বাবে
১৷ প্রতিদিনে এটা ফল খাব আৰু সেয়াও পৰাপক্ষত নিম্ন পটাছিয়ামযুক্ত ফল৷
২৷ প্রতিদিনে মাত্র একাপ চাহ বা কফী খাব৷
৩৷ পটাছিয়ামযুক্ত শাক–পাচলি তলত উল্লেখ কৰাৰ দৰে পটাছিয়াম কম কৰি লৈহে খাব৷
৪৷ নাৰিকলৰ পানী, ফলৰ ৰস আৰু উচ্চ পটাছিয়ামযুক্ত খাদ্য বর্জন কৰক৷
৫৷ প্রায় সকলো খাদ্যতে অলপ নহয় অলপ পটাছিয়াম থাকেই৷ গতিকে পৰাপক্ষত কম মাত্রাৰ পটাছিয়ামযুক্ত খাদ্যহে নির্বাচন কৰি ল’ব৷
৬৷ বাকলি গুচাই শাক–পাচলি সৰু সৰুকৈ কাটক৷
৭৷ কুহুমীয়া পানীৰে সেইবোৰ ধোৱক আৰু এটা ডাঙৰ পাত্রত ৰাখক৷
৮৷ পাত্রটোত গৰম পানী ঢ়ালক৷ গৰম পানীৰ পৰিমাণ শাক–পাচলিৰ পৰিমাণতকৈ চাৰি–পাঁচ গুণ বেছি হোৱা উচিত৷ গৰম পানীত গুটি হোৱা শাক–পাচলিখিনি কমেও এঘণ্টা ডুবাই ৰাখক৷
৯৷ দুই–তিনি ঘণ্টা গৰম পানীত ডুবাই ৰখাৰ পিছত কুহুমীয়া পানীৰে মুখখন তিনিবাৰ ধুব৷
১০৷ এইবাৰ অতিৰিক্ত পানীসহ শাক–পাচলিখিনি উতলাব আৰু সেই পানীখিনি পেলাই দিব৷
১১৷ উতলাই লোৱা শাক–পাচলিখিনি যেনেকৈ মন যায় ৰান্ধি খাওক৷
১২৷ এইদৰে আপুনি শাক–পাচলিত থকা পটাছিয়ামৰ মাত্রা কমাব পাৰে, কিন্তু সম্পূর্ণ নাইকিয়া কৰিব নোৱাৰে৷