নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙা গ্রহ মঙলৰ বক্ষত আছিল উচ্ছল তৰংগৰ গভীৰ নদী

বিশেষ বাৰ্তা, ১৫ মেঃ মঙল গ্রহত অকল নদীয়েই নাছিল, হয়তো নদীৰ তীব্র স্রোতো আছিল৷ সম্ভৱতঃ আছিল হ্রদো৷ ৰঙা গ্রহৰ পৰা আমেৰিকান মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ ৰোভাৰ পার্ছিভিয়াৰেন্সে আকৌ নতুন ছবি প্রেৰণ কৰিছে৷ এই ছবিত উচ্ছল তৰংগৰ নদীৰ চিহ্ণ পোৱা গৈছে বুলি প্রাথমিকভাৱে দাবী কৰিছে বিজ্ঞানীসকলে৷ তাৎপর্যপূর্ণ বিষয়টো হৈছে মঙলৰ নদীৰ গভীৰতা আৰু স্রোত সন্দর্ভত প্রথমতে যি ধাৰণা কৰা হৈছিল, তাতকৈও বেছি গভীৰ আৰু খৰস্রোতা নদী ৰঙা গ্রহটোত আছিল বুলি ছবিয়ে স্পষ্ট কৰি দিছে৷ যোৱা ২৮ ফেব্রুৱাৰীৰ পৰা ৯ মার্চৰ ভিতৰত মঙলৰ যিটো স্থানত নিজৰ মাষ্টকেম–জেড কেমেৰাত পার্ছিভিয়াৰেন্সে এই ছবিখন তুলিছে সেই স্থানক বিজ্ঞানীসকলে ‘স্ক্রীংকল হেভেন’ বুলি অভিহিত কৰিছে৷ বিজ্ঞানীসকলৰ অনুমান অনুসৰি এই স্থানতে খৰস্রোতা তথা গভীৰ এক নদী আছিল৷ কাৰণ ইয়াত পাথৰবোৰ স্তৰে স্তৰে সিঁচৰতি হৈ আছে৷ মঙলৰ পৰা অহা ছবিত প্রথমবাৰলৈ এনে প্রমাণ পোৱা গৈছে বুলিও নাছাৰ বিজ্ঞানীসকলে দাবী কৰিছে৷ ২০২১ চনৰ ফেব্রুৱাৰীত মঙলত নমাৰ পাছতে গ্রহটোৰ জেজেৰো গহ্বৰ অঞ্চলত অনুসন্ধান চলাই আছে নাছাৰ ৰোভাৰে৷ বিজ্ঞানীসকলে সন্দেহ কৰা অনুসৰি মঙলৰ বিভিন্ন স্থানৰ পৰা জলধাৰা আহি মিলিত হৈছিল এই জেজেৰো গহ্বৰত৷

You might also like