নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিটী বাছৰ বিৰুদ্ধে আছে নেকি অভিযোগ ? WHATSAPP কৰক এই নম্বৰত

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ মহানগৰীত চলাচল কৰা চিটী বাছৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগে । চিটী বাছ সম্বন্ধীয় অভিযোগ থাকিলে এতিয়াৰে পৰা যাত্ৰীয়ে ৱাটছএপৰ জৰিয়তে পৰিবহণ বিভাগক দিব পাৰিব অভিযোগ । ৬৯০১২৬৯০০৬ বা ৬০২৬১৭৬৭৫৫ নম্বৰৰ ৱাটছএপত প্ৰযোজ্য হ’ব এই অভিযোগ ।

ইয়াৰোপৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে জাৰি কৰিছে আন কেইবাটাও নিৰ্দেশনা । এতিয়াৰে পৰা চিটীবাছৰ নম্বৰ সলনি হোৱাৰ লগতে ৫ ইঞ্চিৰ জোখত যাত্ৰীয়ে ১০০ ফুট দূৰৰ পৰা মনিব পৰাকৈ লিখিব লাগিব বাছ নম্বৰ । বহুকেইটা বাছ চলাচলৰ পথ সলনি কৰাৰ লগতে পিছ দুৱাৰেদি উঠি আগফালেৰে বাছৰ পৰা নামিব লাগবি যাত্ৰী ।

উল্লেখ্য যে, পৰিবহণ বিভাগে জাৰি কৰা এই নিৰ্দেশনাৰ পাচতেই এতিয়া বাছ যাত্ৰী সকলৰ মাজত থকা কেতবোৰ সমস্যা সমাধান হোৱাৰ আশা কৰা হৈছে ।

You might also like