২২ বছৰে ক’মাত থকা মহিলা চানাৰ মৃত্যু
🔷 আহত হৈছিল জেৰুজালেমৰ বিস্ফোৰণত
বিশেষ বাৰ্তা, ২ জুনঃ ২২ বছৰ পূর্বে জেৰুজালেমৰ এখন পিজ্জা ৰেষ্টুৰেণ্টত পেলেষ্টাইনী আত্মঘাতী বোমাৰুৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈ ক’মা অৱস্থাত ২২ বছৰ থকা মার্কিন–ইজৰাইলী মহিলা চানা নাচেনবার্গৰ দেহাৱসান ঘটিছে৷ ২০০১ চনৰ আগষ্ট মাহত সংঘটিত এই আত্মঘাতী বিস্ফোৰণত প্রাণ হেৰুৱাইছিল ১৫গৰাকী লোকে৷ নিহত লোকসকলৰ ভিতৰত সাতটা শিশু আৰু এগৰাকী অন্তঃসত্ত্বা মহিলাও আছিল৷ উল্লেখ্য যে ২২ বছৰ ধৰি ক’মা অৱস্থাতে পৰি আছিল চানা নাচেনবার্গ৷ এই বিস্ফোৰণত আন দুগৰাকী মার্কিন নাগৰিকো নিহত হৈছিল৷ বিস্ফোৰণৰ গোচৰত দোষী সাব্যস্ত হৈছিল আলহাম টামিমি নামৰ এগৰাকী জর্ডানিয়ান মহিলা৷ এই মহিলাগৰাকীয়ে ইজ আল–ডিন ছুহেইল আল–মাছ্ৰিক আত্মঘাতী আক্রমণ চলোৱাত সহযোগিতা কৰিছিল৷ চানা নাচেনবার্গৰ মৃত্যুৱে শিহৰণকাৰী বিস্ফোৰণৰ স্মৃতি পুনৰ সজীৱ কৰি তুলিছে ইজৰাইলত৷