নিয়মীয়া বাৰ্তা, ২জুনঃ বজালীৰ আগশাৰীৰ শিক্ষানুষ্ঠান পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি বিদ্যালয়খনৰ লগতে শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সহযোগত তথা উত্তৰ কামৰূপ বন সংমণ্ডল ৰঙিয়া আৰু সামাজিক বনানীকৰণ বৰপেটাৰ সংমণ্ডলৰ উদ্যোগত পৰিৱেশৰ বাবে জীৱনশৈলী ( lifestyle for environment) শীৰ্ষক এক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ উল্লেখযোগ্য মাহজোৰা সজাগতা অভিযানৰ ৫ জুনত অন্ত পৰিব৷ এই অভিযানৰ অংশ হিচাপে পাটাছাৰকুছি বিদ্যাপীঠৰ চৌহদত অৰ্ধশতাধিক গছপুলি সম্পূৰ্ণ ৰক্ষণাবেক্ষণৰ ব্যৱস্থাৰে বিশিষ্ট লোকৰ দ্বাৰা ৰোপণ কৰা হয়৷ গছপুলি ৰোপণ কাৰ্যসূচীত মুখ্য ৰোপক হিচাপে অংশগ্ৰহণ কৰে প্ৰকৃতিপ্ৰেমী তথা বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ আনন্দ খাটনিয়াৰে ৷ বৃক্ষৰোপণত অংশগ্ৰহণ কৰে সামাজিক বনানীকৰণ বৰপেটাৰ ডি এফ ও আহেৰ আলী, বৰপেটাৰোডৰ আঞ্চলিক বন বিষয়া প্ৰশান্ত কুমাৰ গগৈ, পাটাছাৰকুছি বিদ্যাপীঠৰ অধ্যক্ষ তপন কুমাৰ শৰ্মা, অৱসৰী জিলা কৃষি বিষয়া কৈলাশ ডেকা, পাটাছাৰকুছি উনয়ন সমিতিৰ সভাপতি প্ৰসন্ন শৰ্মা, প্ৰাচ্য সংঘৰ সভাপতি হিতেশ চন্দ্ৰ গোস্বামী, পাটাছাৰকুছি শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ ৰয়, পাটাছাৰকুছি প্ৰেছ ক্লাবৰ সভাপতি নৱকান্ত কলিতা, প্ৰাগজ্যোতি ক্লাবৰ সভাপতি ৰফিকুল হক, প্ৰাক্তন বায়ু সেনা সৈনিক ধীৰেন সিং আদিয়ে৷ মুখ্য ৰোপক আনন্দ খাটনিয়াৰে পৰিৱেশৰ প্ৰতি অহা ভয়াৱহ ভাবুকিৰ পৰা জীৱকুলক ৰক্ষা কৰাৰ বাবে গছপুলি ৰোপণৰ লগতে পৰিৱেশৰ বাবে প্ৰতিজন মানুহেই সজাগ হব লাগিব বুলি কয়৷ ইয়াৰ পিচতে পাটাছাৰকুছি বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এখনি পৰিৱেশ সজাগতামুলক বাটৰ নাট পৰিবেশন কৰা হয় ৷ হীৰেন শৰ্মা ৰচিত তথা হীৰেন শৰ্মা আৰু খনীন্দ্ৰ নাথ শৰ্মাই পৰিচালনা নাটকখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চলচিত্ৰ পৰিচালক তথা নিৰ্মল হালৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰাজেন দাসে ৷ ইয়াৰ পিছতে সাহিত্যিক পেঞ্চনাৰ, সমাজকৰ্মী তথা বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন আনুষ্ঠানিকভাৱে মুকলি কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ বিভাগীয় মুৰব্বী শৰত তালুকদাৰে ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিজ্ঞান কৰ্মী তথা অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক অসম বিজ্ঞান সমিতিৰ পাটাছাৰকুছি শাখাৰ সভাপতি সুৰেন্দ্ৰনাথ লাউজাৰীয়ে বিষয়বস্তুৰ ওপৰত সুন্দৰকৈ ব্যাখ্যা কৰি ভাষণ প্ৰদান কৰে৷ তেওঁ পৰিৱেশ নিকা কৰিবলৈ প্লাষ্টিক বৰ্জন কৰিব লাগিব বুলি কয়৷ পৰিবেশ প্ৰদুষণ ৰোধৰ বাবে পাচটা আৰৰ( R) ৰ ব্যাখ্যা কৰে৷ Refuse অৰ্থাৎ প্লাষ্টিক প্ৰত্যাখ্যান, Renew অৰ্থাৎ পুনৰাবৃত্তি, Reduce অৰ্থাৎ প্লাষ্টিকৰ’ ব্যৱহাৰ কমোৱা, Recycle অৰ্থাৎ পুনৰ প্ৰস্তুতকৰণ আৰু R অৰ্থাৎ ৰিপেয়াৰ মানে ব্যৱহাৰৰ উপযোগী কৰি তুলি পুৰণা সামগ্ৰী ব্যৱহাৰ কৰি কেঁচা সামগ্ৰীৰ ব্যয় কমোৱা ৷ এনেদৰে জীৱন শৈলী পৰিৱৰ্তন কৰি পৰিৱেশ সংৰক্ষণ কৰি ভাৰসাম্য অটুট ৰাখিব পাৰি ৷ সভাত সামাজিক বনানীকৰণ বৰপেটাৰ ডি এফ ও আহেৰ আলী, বৰপেটাৰোডৰ আঞ্চলিক বন বিষয়া প্ৰশান্ত কুমাৰ গগৈয়ে সজাগতামুলক ভাষণ প্ৰদান কৰে৷ সভাত বিদ্যালয়ৰ পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি সদানন্দ দাস আৰু পাটাছাৰকুছি উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি ৰবীন শৰ্মাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ হীৰেন শৰ্মাই সভাত শলাগৰ শৰাই জ্ঞাপন কৰে৷
প্ৰেৰক উৎপল মেধি