নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বিপৰ্যয়’ৰ মাজতে গুজৰাটত ৭০৯টি সন্তানৰ জন্ম

বিশেষ বাৰ্তা, ১৭ জুনঃ ঘূৰ্ণি ‘বিপৰ্যয়’ৰ মাজতে গুজৰাটৰ উপকূলীয় অঞ্চলৰ পৰা ১,১৫২গৰাকী গৰ্ভৱতী মহিলাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। ইয়াৰে ৭০৯গৰাকীয়েই সন্তান জন্ম দিয়ে। গুজৰাট চৰকাৰৰ পৰিসংখ্যা অনুসৰি ‘বিপৰ্যয়’ৰ মাজতে ১,১৫২গৰাকী গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰি চৰকাৰী উদ্যোগত নিৰাপদ স্থানলৈ লৈ যোৱা হয়। ধুমুহাৰ মাজতে ৭০৯টি কেঁচুৱা সফলতাৰে প্ৰসৱ কৰে। ‘বিপৰ্যয়’ৰ সময়ত গুজৰাট চৰকাৰে গৰ্ভৱতী মহিলাক উদ্ধাৰৰ বাবে এক বিশেষ এম্বুলেন্স সেৱা আৰম্ভ কৰে। সেই ‘১০৮’ এম্বুলেন্সত দুগৰাকী মহিলাই সন্তান জন্ম দিয়ে। চৰকাৰী পৰিসংখ্যা অনুসৰি, ধুমুহাৰ সময়ত সফলতাৰে উদ্ধাৰ হোৱা গৰ্ভৱতী মহিলাৰ ভিতৰত ৫৫২গৰাকী কুচ্চৰ, ১৭৬গৰাকী ৰাজকোটৰ, ১৩৫গৰাকী দ্বাৰকাৰ, ৯৪গৰাকী গীৰ সোমনাথৰ, ৬২গৰাকী জামনগৰৰ, ৫৮গৰাকী জুনাগড়ৰ, ৩৩গৰাকী পোৰবন্দৰৰ আৰু ২৬গৰাকী ৰাজকোট অঞ্চলৰ বাসিন্দা। ইয়াৰ উপৰি এই তালিকাত জুনাগড় পৌৰসভা এলেকাৰ ৮গৰাকী, মৰ্বিৰ ৪গৰাকী আৰু জামনগৰ পৌৰসভা এলেকাৰ ৪গৰাকী আছিল। ইয়াৰে ৭০৯গৰাকীয়েই সন্তান জন্ম দিয়ে।

You might also like