নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিকিমত আবদ্ধ ৩৫০০ লোকক উদ্ধাৰ সেনাৰ

 🔷 ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত পথ বন্ধ

বিশেষ বাৰ্তা, ১৭ জুনঃ ছিকিমত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ ছিকিমৰ বহু ঠাইত পথ বন্ধ হৈ পৰে। একে সময়তে বহু ঠাইত ভূমিস্খলনৰ ঘটনাও পোহৰলৈ আহে। ভাৰতীয় সেনাই শনিবাৰলৈ চুংথাঙত আবদ্ধ হৈ থকা ৩,৫০০ পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সংবাদ সংস্থাৰ তথ্য অনুসৰি, শনিবাৰে বিয়লি ৩ বজালৈকে ভাৰতীয় সেনাই ২ হাজাৰ লোকক উদ্ধাৰ কৰিছিল। ইয়াৰ পিছত পুনৰ ১৫০০ পৰ্যটকক নিৰাপদে স্থানান্তৰিত কৰা হয়। দৰাচলতে উত্তৰ ছিকিমৰ লাচেন আৰু লাচুংকে ধৰি বহু ঠাইত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে আবদ্ধ হৈ পৰে লোকসকল৷ আবদ্ধ হৈ থকা লোকসকলক উলিয়াই নিয়াৰ বাবে জিলা প্ৰশাসনে ১৯খন বাছ আৰু ৭০খন সৰু বাহন মোতায়েন কৰে। বিষয়াসকলে জনোৱা মতে, এতিয়ালৈকে ১২৩জন পৰ্যটক কঢ়িয়াই তিনিখন বাছ আৰু আন দুখন বাহন ৰাজধানী গেংটকলৈ ৰাওনা হৈছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ৰেপিড ৰেছপন্স টীম, ছিকিম আৰক্ষী, জি আৰ ই এফ, বি আৰ অ’, আই টি বি পি, সেনা আৰু ট্ৰেভেল এজেন্সী এছ’চিয়েচন ছিকিমৰ কৰ্মীসকলে একেলগে কাম কৰি আবদ্ধ লোকসকলক উদ্ধাৰ কৰে। বিষয়াসকলে জনোৱা মতে, ভূমিস্খলনৰ বাবে গংটক-নাথুলা পথৰ জে এন ৰোড, ৰেলখোলা, ১৩ মাইল আৰু থুলো খোলাতো পথ বন্ধ হৈ পৰিছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে টছমগো হ্ৰদ, বাবা মন্দিৰ, নাথুলা আৰু উত্তৰ ছিকিমৰ সকলো পৰ্যটনৰ অনুমতি বাতিল কৰা হৈছে।

You might also like