দুবছৰত ২০০টা পদক জয়েৰে ১০৬ বছৰীয়া ‘তৰুণী’ৰ অভিলেখ
বিশেষ বাৰ্তা, ২৮ জুনঃ বয়স কেৱল ১০৬ বছৰ। বয়সৰ আঁচোৰক আওকাণ কৰি তেওঁ গঢ়িলে অভিলেখ। হাৰিয়ানাৰ ১০৬ বছৰ ‘তৰুণী’ ৰামবাইয়ে এক নজিৰ গঢ়ি তুলিছে। ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিক চেম্পিয়নশ্বিপত তিনিটা স্বৰ্ণ পদক লাভ কৰি তেওঁ এই নজিৰ গঢ়িছে। অৱশ্যে গোটেই জীৱন ক্ৰীড়াৰ লগত ৰামবাই জড়িত নাছিল। মাত্ৰ কেইবছৰমান আগৰ পৰা তেওঁ ট্ৰেকত দৌৰিবলৈ আৰম্ভ কৰিছিল। ৰামবাইক উৎসাহিত কৰিছিল নাতিনী শৰ্মিলাই। হাৰিয়ানাৰ ৰামবাইয়ে ঘৰতে বনোৱা দুগ্ধজাত খাদ্য আৰু নিজে খেতি কৰা শাক-পাচলি খাই শক্তি আহৰণ কৰিছিল। ২০১৬ চনৰ পৰা তেওঁ এথলেটিকছৰ ট্ৰেকত নামিবলৈ আৰম্ভ কৰে। বহুদিন অনুশীলন কৰি তেওঁ নিজকে গঢ় দিয়ে। দুবছৰৰ আগতে তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত ভাৰতৰ লগতে বিদেশী প্ৰতিযোগিতালৈ- সকলোতে আধিপত্য বিস্তাৰ কৰে। ১০৪ বছৰ বয়সত তেওঁ নজিৰ গঢ়ি তোলে। ৮৫ বছৰৰ ওপৰৰ বয়স শাখাত অতি কম সময়তে ১০০ মিটাৰ দৌৰ সমাপ্ত কৰে। ৰামবাইয়ে ৪৫.৫০ ছেকেণ্ডত ১০০ মিটাৰ দৌৰি সকলোকে আচৰিত কৰি তোলে। অৱশ্যে তেওঁ থমকি ৰোৱা নাছিল। মাত্ৰ দুবছৰত ২০০টা পদক লাভ কৰাৰ অভিলেখ গঢ়িছে ৰামবাইয়ে। সোমবাৰে ডেৰাডুন ক্ৰীড়া প্ৰতিযোগিতাৰ তিনিটা ইভেণ্টত অংশগ্ৰহণ কৰে তেওঁ। ১০০ আৰু ২০০ মিটাৰত দৌৰাৰ উপৰি শ্বটপুটতো অংশ লয়। ৰামবাইয়ে প্ৰতিটো ইভেণ্টতে স্বৰ্ণ পদক লাভ কৰে। বঁটা গ্ৰহণৰ পিছত নাতিনীয়েকে আগবঢ়াই নিবলৈ কাষ চাপি অহাৰ সময়ত ১০৬ বছৰীয়া চেম্পিয়নগৰাকীয়ে কয়- ‘মোক সহায় কৰিব নালাগে, যিসকলক প্ৰয়োজন তেওঁলোকক কৰা’। এই খবৰ পাই বলীউডৰ অভিনেতা আৰ মাধৱনে তেওঁক অভিনন্দন জ্ঞাপন কৰে।