নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা আইএছআইৰ

📌 খালিস্তানী–কুখ্যাত অপৰাধীৰ জৰিয়তে সৰবৰাহ কৰি আহিছে ড্রাগ্ছ-অস্ত্র
বিশেষ বাৰ্তা, ৩০ জুনঃ খালিস্তানৰ নামত ভাৰতবিৰোধী ষড়যন্ত্র চলাই আহিছে কুখ্যাত পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে৷ শেহতীয়াকৈ ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে এই সন্দর্ভত বিভিন্ন তথ্য লাভ কৰিছে৷ আইএছআই এজেণ্ট নাছিৰ খান খালিস্তানী আৰু কুখ্যাত অপৰাধীবোৰৰ সৈতে জড়িত আছিল৷ এই খালীস্তানী আৰু অপৰাধীসকলে ভাৰতত বিভিন্ন সময়ত ষড়যন্ত্রমূলক কাম–কাজ চলাই আহিছে৷ চোৰাংচোৱা সূত্রৰ উদ্ধৃতি দি সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, আইএছআই এজেণ্ট নাছিৰ খান, খালিস্তানী আৰু গেংষ্টাৰসকলে ভাৰতবিৰোধী ষড়যন্ত্রৰ বাবে বিশ্বৰ বিভিন্ন স্থানৰ পৰা পুঁজি লাভ কৰি আহিছে৷ আনকি ড্রাগ্ছ আৰু অস্ত্রও অপৰাধীবোৰৰ হাতত তুলি দিয়া হৈছে৷ ৰাষ্ট্রীয় অনুসন্ধান সংস্থা আৰু বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে ভাৰতত থকা গেংষ্টাৰ তথা অপৰাধীবোৰলৈ আইএছআইৰ জৰিয়তে সৰবৰাহ হোৱা ড্রাগ্ছ আৰু অস্ত্র জব্দ কৰি আহিছে৷ বিশেষকৈ সীমান্ত অঞ্চলত পাকিস্তানৰ পৰা অহা ড্রাগ্ছ আৰু অস্ত্র ভাৰতবিৰোধী ষড়যন্ত্রৰ অংশবিশেষ বুলি দাবী কৰিছে ৰাষ্ট্রীয় অনুসন্ধান সংস্থাই৷ ভাৰতীয় চোৰাংচোৱাই দাবী কৰা অনুসৰি, ভাৰতবিৰোধী ষড়যন্ত্রক কার্যকৰী ৰূপ দিবলৈ আইএছআয়ে লাহোৰত এক কন্ট্ৰল ৰুম স্থাপন কৰি লৈছে৷ আইএছআইৰ সহযোগিতা থকা বাবেই ভাৰতলৈ পাকিস্তানী ড্রোনেৰে ড্রাগ্ছ প্রেৰণ কৰাটো সম্ভৱ হৈছে বুলিও চোৰাংচোৱা সূত্রই দাবী কৰিছে৷ লক্ষণীয়ভাৱে ভাৰতত থকা অপৰাধীবোৰক সন্ত্রাসবাদী সংগঠনৰ সৈতে জড়িত কৰাই ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা চলাইছে আইএছআয়ে৷

You might also like