১৭–১৮ জুলাইত বেংগালুৰুত বিজেপিবিৰোধী দলৰ বৈঠক
🔴 এনচিপিৰ অভ্যন্তৰৰ সমস্যাই লগালে কেণা
বিশেষ বাৰ্তা, ৪ জুলাই : এন চি পিৰ অভ্যন্তৰত সৃষ্টি হোৱা ধুমুহাৰ বাবে বিজেপিবিৰোধী দলসমূহৰ প্রস্তাৱিত দ্বিতীয় বৈঠকৰ সময়সূচী সলনি হৈছে ৷ এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে বৃহস্পতিবাৰে উল্লেখ কৰিছিল যে হিমাচলৰ ছিমলা নহয়, কর্ণাটকৰ বেংগালুৰুত হ’ব বিৰোধী দলসমূহৰ দ্বিতীয় বৈঠক ৷ ১৩–১৪ জুলাইত এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এন চি পিৰ দুর্গত ভাঙোন সৃষ্টি হোৱা বাবে প্রস্তাৱিত বৈঠক পিছুৱাই দিয়া হয় ৷ কালি কংগ্রেছৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে বিজেপিবিৰোধী দলসমূহৰ দ্বিতীয়খন বৈঠক বেংগালুৰুত ১৭–১৮ জুলাইত অনুষ্ঠিত হ’ব৷ স্মর্তব্য যে যোৱা ২৩ জুনত বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ আহ্বান মর্মে ১৫টা বিৰোধী দলৰ নেতাসকলৰ বৈঠক অনুষ্ঠিত হৈছিল পাটনাত ৷ বিজেপিবিৰোধী দলসমূহৰ দ্বিতীয় বৈঠকলৈ সকলো বিৰোধী দলকে আমন্ত্রণ জনোৱা হৈছে বুলি কংগ্রেছৰ সূত্রই সদৰী কৰিছে৷ উল্লেখনীয় যে পশ্চিমবংগৰ পঞ্চায়ত নির্বাচন আৰু সংসদৰ বর্ষাকালীন অধিৱেশনৰ প্রতি নজৰ ৰাখি নতুনকৈ বৈঠকৰ দিন স্থিৰ কৰা বুলি কংগ্রেছ সূত্রই সদৰী কৰিছে৷