উত্তৰ প্ৰদেশত শ্ব’ৰুমত বিধ্বংসী অগ্নিকাণ্ড, চাৰিজনৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ৪ জুলাই : উত্তৰ প্ৰদেশৰ ইলেক্ট্ৰনিক সঁজুলিৰ এটা শ্ব’ৰুমত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাত থিতাতে তিনিজন লোকৰ মৃত্যু হয়। আন এগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰো মৃত্যু হয়। অগ্নিকাণ্ডৰ এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ ঝান্সী জিলাৰ ছিপৰি বজাৰ অঞ্চলত। সেই অঞ্চলৰ তিনিমহলীয়া অট্টালিকা এটাত ইলেক্ট্ৰনিক সঁজুলিৰ শ্ব’ৰুমটো আছিল। সোমবাৰে শ্ব’ৰুমটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে জুই বিয়পি পৰে। ব্যস্ততাৰ সময়ত হঠাৎ সংঘটিত অগ্নিকাণ্ডৰ বাবে কেইবাজনো শ্ব’ৰুমটোত আবদ্ধ হৈ পৰে। অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ পিছতে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপণ কৰি আবদ্ধ লোকসকলক উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰ অভিযানত আৰক্ষীয়েও সহায় কৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, ১০ ঘণ্টা ধৰি অবিৰত প্ৰচেষ্টাৰ অন্তত অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে, থিতাতে অগ্নিদগ্ধ হৈ তিনিজন লোকৰ মৃত্যু হয়। জুইত আবদ্ধ হৈ পৰা স্থানীয় বীমা কোম্পানী এটাৰ সহকাৰী পৰিচালক এগৰাকীক জীৱিত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। অগ্নিকাণ্ড সন্দৰ্ভত তদন্ত চলি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঝান্সী জিলা দণ্ডাধীশ ৰবীন্দ্ৰ কুমাৰে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।