নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত দুষ্কৃতিকাৰীৰ লক্ষ্য শিক্ষানুষ্ঠান!

📌 দুমাহৰ অন্তত ৫ জুলাইৰ পৰা আৰম্ভ বিদ্যালয়
বিশেষ বাৰ্তা, ৬ জুলাই : মণিপুৰত এতিয়া দুষ্কৃতিকাৰীৰ লক্ষ্য হৈ পৰিছে শিক্ষানুষ্ঠান ! ৰাজ্যখনত প্ৰায় দুমাহৰ অন্তত বুধবাৰে বিদ্যালয়সমূহ মুকলি কৰা হয়। পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰে এখন বিদ্যালয়ৰ সমীপত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে এগৰাকী মহিলাক। সোমবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৫ জুলাইৰ পৰা ৰাজ্যখনত বিদ্যালয় খোলাৰ কথা ঘোষণা কৰিছিল। প্ৰাৰম্ভিক পৰ্যায়ত প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠদান আৰম্ভ হ’ব বুলি জনায়। সেইদৰে বুধবাৰৰ পৰা ৰাজ্যখনত বিদ্যালয়সমূহ খোলা হয়। জানিব পৰা মতে, বৃহস্পতিবাৰে এখন বিদ্যালয়ৰ সমীপত দুষ্কৃতিকাৰীয়ে এগৰাকী মহিলাক হত্যা কৰে। ইম্ফল পশ্চিমৰ শিশু নিষ্ঠা নিকেতনৰ সমীপত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, অপৰাধীকেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই। মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বিদ্যালয় খোলাৰ পিছদিনা সংঘটিত এই ঘটনাত অঞ্চলটোত আতংক বিয়পি পৰে। দুষ্কৃতিকাৰীয়ে শিক্ষানুষ্ঠানক লক্ষ্য কৰি লোৱা বুলি অনুমান কৰা হৈছে।

You might also like