নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনা বাহিনীত ৫০ শতাংশ ‘অগ্নিবীৰ’ৰ স্থায়ী নিযুক্তি

বিশেষ বাৰ্তা, ১০ জুলাই : এবছৰ পূৰ্বে সামৰিক ইতিহাসত যথেষ্ট পৰিৱৰ্তন অনা হৈছিল। এই পৰিৱৰ্তনক লৈ যথেষ্ট প্ৰতিবাদো হৈছিল। এইবাৰ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অগ্নিপথ আঁচনি সলনি কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। চৰকাৰী সূত্ৰ অনুসৰি, ভাৰতীয় সেনা বাহিনীত যোগদান কৰা ৫০ শতাংশ ‘অগ্নিবীৰ’ৰ চাকৰি নিয়মীয়া কৰিব প্ৰতিৰক্ষা বিভাগে। আন ৫০ শতাংশই নিৰ্ধাৰিত ৩ বছৰ সেৱা আগবঢ়াব পাৰিব। কেৱল এয়াই নহয়, বয়সৰ সৰ্বোচ্চ সীমাও বৃদ্ধি হ’ব পাৰে। ২৩ বছৰীয়া যুৱকেও আগন্তুক দিনত ‘অগ্নিবীৰ’ত আবেদন কৰিব পাৰিব। বৰ্তমানৰ নিয়ম অনুসৰি অহা তিনি বছৰৰ বাবে ভাৰতীয় সেনা বাহিনীৰ নিযুক্তিৰ সংখ্যা সীমিত। মূলতঃ বিমান পৰিবহণ, অভিযান্ত্ৰিক আৰু ইলেক্ট্ৰনিকছৰ দৰে কাৰিকৰী ক্ষেত্ৰত অধিক যোগ্য অগ্নিবীৰ বিচাৰিছে সেনাই। সেইবাবেই কেন্দ্ৰই ৫০ শতাংশ অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ কথা চিন্তা কৰিছে। মন কৰিবলগীয়া যে যোৱা বছৰ অগ্নিপথ প্ৰকল্পক লৈ সমগ্ৰ দেশ অস্থিৰ হৈ পৰিছিল। বৰ্তমান অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ পদৰ বাবে ১৭ বছৰ ৬ মাহৰ পৰা ২১ বছৰৰ ভিতৰৰ প্ৰাৰ্থীক বিবেচনা কৰা হয়। ২০২২ চনৰ জুন মাহৰ পৰা এই নিয়ম প্ৰযোজ্য কৰা হৈছিল। কিন্তু ভাৰতীয় সেনাই অনুভৱ কৰে যে ২১ বছৰ বয়সৰ সীমাৰ বাবে বহু লোকে আবেদন কৰিব নোৱাৰে। সেইবাবেই বয়সৰ সীমা বৃদ্ধি কৰি ২৩ কৰাৰ পৰিকল্পনা কৰা হৈছে।

You might also like