মণিপুৰৰ ঘটনা সভ্য সমাজৰ বাবে লজ্জাজনক : প্ৰধানমন্ত্ৰী মোদী
বিশেষ বাৰ্তা, ২০ জুলাই : সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে মণিপুৰত দুগৰাকী মহিলাক নিৰ্যাতন চলোৱা ঘটনাক গৰিহণা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয়- ‘মোৰ হৃদয় শোকেৰে ভৰি আছে, খঙেৰে ভৰি আছে। মণিপুৰৰ যি ঘটনা পোহৰলৈ আহিছে, সেয়া যিকোনো সভ্য সমাজৰ বাবেই লজ্জাজনক। এই ঘটনা সংঘটিত কৰি যিসকলে পাপ কৰিলে- দুষ্কাৰ্য কৰিলে, সেইসকল নিজৰ ঠাইত আছে, কিন্তু এই ঘটনাৰ দ্বাৰা সমগ্ৰ দেশবাসী লজ্জানত হৈছে।’ উল্লেখ্য যে মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত সমদল কৰা ভিডিঅ’ ৰাজহুৱা হোৱাৰ পিছতে সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছে। বিৰোধী দলৰ অধিকাংশই উত্তৰ-পূবৰ ৰাজ্য মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙৰ পদত্যাগৰ দাবী জনাইছে ৷ উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হয়।