নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভয়াৱহ ভূমিস্খলনত ১০জনৰ প্ৰাণহানি

🔴 ৪৮টা ঘৰ ধ্বংস, ৭৫জন লোকক উদ্ধাৰ
বিশেষ বাৰ্তা, ২০ জুলাই : ধাৰাসাৰ বৰষুণৰ ফলত বুধবাৰে নিশা প্ৰায় ১১ বজাত মহাৰাষ্ট্ৰৰ ৰায়গড়ত পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ লগতে শিল খহি পৰাত ৪৮টা ঘৰ ধ্বংস হয়। এই দুৰ্ঘটনাত ১০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৭৫জন লোকক উদ্ধাৰ কৰা হৈছে। এতিয়াও ১২০জনতকৈ অধিক লোক মাটিত পোত খাই থকা বুলি সন্দেহ কৰা হৈছে। ইৰশালৱাড়ী গাঁৱত সংঘটিত এই ঘটনাৰ বাবে মোতায়েন কৰা হৈছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দল। ঘটনা সংঘটিত অঞ্চলত বিগত ৩ দিনত ৪৯৯ মিলিমিটাৰ বৰষুণ হোৱা বুলি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে জনাইছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেই কয়- ঘটনাস্থলীত এনডিআৰএফ আৰু এছডিআৰএফে জোৰদাৰ অভিযান চলাইছে। উদ্ধাৰ অভিযানৰ বাবে ইণ্ডিয়ান এয়াৰ ফৰ্চৰ পৰা সহায় বিচৰা হৈছে। দুখন হেলিকপ্টাৰ সাজু হৈ আছে যদিও বতৰ ফৰকাল হোৱাৰ বাবে অপেক্ষা কৰি আছে। মৃতকৰ প্ৰতিটো পৰিয়াললৈ মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। ইয়াৰ লগতে আহতসকলৰ চিকিৎসাৰ খৰচো চৰকাৰে বহন কৰিব বুলি জানিবলৈ দিয়ে।

You might also like