শনিবাৰে মণিপুৰলৈ “INDIA”ৰ প্ৰতিনিধি দল
বিশেষ বাৰ্তা, ২৮ জুলাই : মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল’বলৈ ৰাজ্যখনলৈ যাব বিৰোধী মিত্ৰজোঁট “INDIA”ৰ এটা প্ৰতিনিধি দল। শনিবাৰে মণিপুৰত উপস্থিত হ’ব প্ৰতিনিধি দলটোৰ সদস্যসকল। দেওবাৰলৈকে ৰাজ্যখনৰ প্ৰায় সকলো দলৰ সৈতে আলোচনাত মিলিত হ’ব। এই কথা বিৰোধী মিত্ৰজোঁটৰ এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে। এই প্ৰসংগত কংগ্ৰেছ নেতা মণিকোম ঠাকুৰে কয় যে বিৰোধী মিত্ৰজোঁট “INDIA”ৰ সদস্যসকলে শনিবাৰ আৰু দেওবাৰে দুদিনীয়া ভ্ৰমণসূচী লৈ মণিপুৰলৈ যাব। প্ৰতিনিধি দলটোত কমেও ২০ জন সাংসদ থাকিব পাৰে। ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যখন ভ্ৰমণ কৰি কেইবাটাও দলৰ সৈতে কথা পাতিছিল। শনিবাৰৰ ভ্ৰমণসূচী সন্দৰ্ভত তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰাইনে কয়- প্ৰতিনিধি দলৰ সদস্যসকলে মণিপুৰৰ পাহাৰ আৰু উপত্যকাৰ লোকসকলক সাক্ষাৎ কৰিব। ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ সৈতে কথা পাতিব। প্ৰতিনিধি দলটোৱে কিছুমান আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰিব।