নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভৰ অংকত ব্যস্ত গান্ধী পৰিয়ালৰ আত্মাও ভ্রষ্ট

পুলৱামাৰ প্রথম বার্ষিকীত ৰাহুল গান্ধীৰ বিৰূপ মন্তব্যক লৈ প্রতিক্রিয়া বিজেপিৰ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ কাশ্মীৰৰ পুলৱামাৰ সন্ত্রাসবাদী আক্রমণত ৪০জন চি আৰ পি এফ জোৱান শ্বহীদ হোৱাৰ প্রথম বার্ষিকীৰ দিনা কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীৰ বিৰূপ মন্তব্যক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ পুলৱামা আক্রমণক লৈ কোন বেছি লাভান্বিত হৈছে বুলি প্রশ্ন উত্থাপন কৰি নৰেন্দ্র মোদী চৰকাৰক শুকুৰবাৰে পুৱা টুইটাৰযোগে ৰাহুল গান্ধীয়ে আক্রমণৰ লক্ষ্য কৰি লয়৷ কংগ্রেছ নেতাগৰাকীৰ এই মন্তব্যৰ পাছতেই বিজেপিয়ে প্রতিক্রিয়া ব্যক্ত কৰি গান্ধী পৰিয়ালক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ৰাহুল গান্ধীক প্রত্যুত্তৰ দি বিজেপিৰ মুখপাত্র সম্বিৎ পাত্রই কয়– পুলৱামাৰ আক্রমণ আছিল ভয়াৱহ আৰু এই মন্তব্যও ভয়ানক৷ কোন বেছি লাভান্বিত হৈছে? গান্ধী (ৰাহুল)য়ে লাভৰ বাদে বেলেগ কথা চিন্তা কৰিব পাৰেনে? অৱশ্যে নোৱাৰে, এই তথাকথিত গান্ধী পৰিয়ালে লাভৰ বাহিৰে বেলেগ কথা ভাবিবকে নোৱাৰে৷ পৰিয়ালটো কেৱল ভৌতিক ৰূপতে নহয়, তেওঁলোকৰ আত্মাও ভ্রষ্ট৷ উল্লেখ্য যে ২০১৯ চনৰ ১৪ ফেব্রুৱাৰীত কাশ্মীৰৰ পুলৱামাত জইচ–ই–মহম্মদৰ আত্মঘাতী আক্রমণত ৪০জন চি আৰ পি এফ জোৱান শ্বহীদ হৈছিল৷ শুকুৰবাৰে এই ভয়াৱহ পুলৱামা আক্রমণৰ প্রথম বার্ষিকী উপলক্ষে শ্বহীদসকলক প্রধানমন্ত্রীৰ পৰা আৰম্ভ কৰি বিভিন্ন কর্তৃপক্ষই শ্রদ্ধাঞ্জলি জনোৱাৰ সময়তে ৰাহুল গান্ধীয়ে টুইটযোগে মোদী চৰকাৰক সমালোচনা কৰি কোন বেছি লাভান্বিত হৈছে, তাক লৈ প্রশ্ন উত্থাপন কৰে৷ এই লৈ বিজেপি আৰু কংগ্রেছৰ মাজত বাক্যুদ্ধ চলে৷

You might also like