নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰত ভয়াৱহ ক্ৰেন দুৰ্ঘটনাত ১৭জনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ১ আগষ্ট : মহাৰাষ্ট্ৰৰ থানেৰ সাহাপুৰত এক নিৰ্মাণস্থলীত ক্ৰেন খহি পৰাত সোতৰজন শ্ৰমিকৰ মৃত্যু হয়। সমৰুদ্ধি এক্সপ্ৰেছৱে’ নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিকৰ দল এটাৰ ওপৰত ক্ৰেন খহি পৰাত মৃত্যুমুখত পৰে শ্ৰমিককেইজন। এই ঘটনাত আহত তিনিজন শ্ৰমিকক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। শ্ৰমিকসকলে এক বিশেষ ধৰণৰ ক্ৰেন চলাই আছিল, যাৰ নাম গাৰ্ডাৰ লঞ্চিং মেচিন । এই ক্ৰেন ঘাইপথ, ৰে’ল দলং নিৰ্মাণত ব্যৱহাৰ কৰা বৃহৎ ষ্টীল বীম বা গাৰ্ডাৰক স্থানান্তৰ কৰিব পাৰে আৰু বৃহৎ অট্টালিকাৰ ভেটি নিৰ্মাণ কৰিব পাৰে। আৰক্ষীৰ মতে, মঙলবাৰে পুৱা সাহাপুৰৰ সৰলাম্বে গাঁৱৰ সমীপত শ্রমিকসকলে তৃতীয় পর্যায়ৰ সমৰুদ্ধি এক্সপ্ৰেছৱে’ নির্মাণৰ কামত নিয়োজিত হৈ থকা অৱস্থাত সংঘটিত হয় এই দুর্ঘটনা ৷ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু অন্যান্য জৰুৰীকালীন সেৱা উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰি নিহতৰ পৰিয়াললৈ ২ লাখ আৰু আহতক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। ৭০১ কিলোমিটাৰ দৈৰ্ঘ্যৰ সমৰুদ্ধি মহামাৰ্গ মুম্বাই-নাগপুৰ এক্সপ্ৰেছৱে’ নামেৰেও পৰিচিত। মহাৰাষ্ট্ৰ ৰাজ্যিক পথ উন্নয়ন নিগমে এই এক্সপ্ৰেছৱে’ নিৰ্মাণৰ কাম হাতত লৈছে, যাৰ প্ৰথম পৰ্যায়ত নাগপুৰৰ পৰা শ্বিৰ্দি সংযোগী অংশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত উদ্বোধন কৰিছিল।

You might also like