নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্রী হ’ল অৰবিন্দ কেজৰিৱাল; ৬ মন্ত্ৰীয়েও ল’লে শপত

নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ ৰাজধানী দিল্লীৰ ঐতিহাসিক ৰামলীলা মৈদানত আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিলে আম আদমী পার্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ৷

দুপৰীয়া ১২.১৫ বজাত কেজৰিৱালৰ লগতে ৬ গৰাকী মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে । ইপিনে শপতগ্ৰহণৰ পাছত কেজৰিৱালে দিল্লীৰ জনতাক ধন্যবাদ জ্ঞাপন কৰি, এই বিজয় কেৱল তেওঁৰ বিজয় নহয় বৰঞ্চ এয়া সকলো দিল্লীবাসীৰ বিজয় বুলি মন্তব্য কৰে ।

লগতে দিল্লীৰ উন্নয়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ সৈতে লগ হৈ কাম কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে ।

উল্লেখ্য যে ঐতিহাসিক ৰামলীলা মৈদানত আয়োজিত এই শপতগ্রহণ অনুষ্ঠানত বহুকেইগৰাকী বিশেষ অতিথি উপস্থিত থকাৰ সমান্তৰালকৈ উপস্থিত থাকে ‘লিটিল মাফলাৰমেন’ । ‘লিটিল মাফলাৰমেন’ ৰূপে পৰিচিত আভ্যান টুমৰে কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠানলৈ বিশেষ আমন্ত্ৰণ লাভ কৰিছিল ।

You might also like