নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অবৈধ বিয়া’ৰ সন্তানো সম্পত্তিৰ উত্তৰাধিকাৰী

🔹 উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়

বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰ : ‘অবৈধ বিয়া’ৰ সন্তানো পিতৃ–মাতৃৰ সম্পত্তি পোৱাৰ যোগ্য৷ এই কথা জনালে উচ্চতম ন্যায়ালয়ে৷ অৱশ্যে এয়া কেৱল হিন্দু উত্তৰাধিকাৰ আইনৰ অধীনতহে দাবী কৰিব পৰা যাব৷ উল্লেখনীয় যে ইয়াৰ পূর্বে উচ্চতম ন্যায়ালয়ে ‘অবৈধ বিয়া’ৰ সন্তানসকলে কেৱল অভিভাৱকসকলৰ স্ব–উপার্জিত সম্পত্তিৰ অধিকাৰ পাব বুলি ঘোষণা কৰিছিল দেশৰ শীর্ষ আদালতখনে৷ বংশানুক্রমিকভাৱে প্রাপ্ত সম্পত্তি ‘অবৈধ বিয়া’ৰ সন্তানসকলে নাপাব বুলি ৰায় দিছিল উচ্চতম ন্যায়ালয়ে৷ কিন্তু কালি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন ৩ সদস্যৰ বিচাৰপীঠে ৰায়দান কৰে যে ‘অবৈধ বিয়া’ৰ সন্তানসকল পিতৃ–মাতৃৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰ পোৱাৰ যোগ্য৷ স্ব–উপার্জিত হওক বা বংশগতই হওক, এতিয়াৰে পৰা ‘অবৈধ বিয়া’ৰ সন্তানসকল পিতৃ–মাতৃৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হ’ব৷

You might also like