ৰাজস্থানত জনজাতীয় মহিলাক উলংগ কৰি ৰাজপথত সমদল
বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰ : ৰাজস্থানৰ প্রতাপগড় জিলাত এগৰাকী ২১ বছৰীয়া জনজাতীয় মহিলাক উলংগ কৰি ৰাজপথত সমদল উলিওৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত দেশজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্রধান উমেশ মিশ্রই ঘটনা সন্দর্ভত প্রকাশ কৰা মতে, প্রতাপগড় জিলাৰ ধাৰিয়াবাদ আৰক্ষী থানাৰ অধীনৰ পাহাদা গাঁও পঞ্চায়তৰ অন্তর্গত নিছালকটা গাঁৱত স্বামীয়ে পৰপুৰুষৰ সৈতে সম্বন্ধ ৰখাৰ বাবে তেওঁৰ ২১ বছৰীয়া পত্নীক উলংগ কৰি নির্যাতন চলোৱাৰ পিছত গাঁওখনৰ ৰাজপথত সমদল উলিয়ায় ৷ প্রথমে স্বামীয়ে পত্নীগৰাকীক অপহৰণ কৰি লৈ গৈ নির্যাতন চলাই উলংগ কৰি গাঁওখনত ১ কিলোমিটাৰজুৰি ঘূৰাই লৈ ফুৰে৷ এই ঘটনাৰ ভিডিঅ’ প্রচাৰ হোৱাৰ পিছতে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ১৩জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ৯জনক সোধা–পোছা কৰি পিছত গ্রেপ্তাৰ কৰিছে ৷ মন কৰিবলগীয়া যে এই ঘটনাত জড়িত তিনিজনে পলাবলৈ খোজোঁতে আৰক্ষীয়ে এই লোক তিনিজনক প্রহাৰ কৰে৷ ফলত ভৰিত গুৰুতৰভাৱে আঘাত পায়৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য মণিপুৰত দুই জনজাতীয় মহিলাক উলংগ কৰি সমদল কৰা ঘটনাৰ পিছত পুনৰ ৰাজস্থানত একেই ঘটনা সংঘটিত হৈছে৷ চাঞ্চল্য সৃষ্টিকাৰী এই ঘটনাৰ নিপীড়িতাৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ কাইলৈ মুখ্যমন্ত্রী অশোক গেহলট সেই গাঁওখনলৈ যাব৷